NORTHEAST NOW (Assamese)

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

January 25, 2021 4:53 pm · এন ই নাও নিউজ

মিজোৰামৰ ৰুৱাণ্টলাঙত অসম ৰাইফলছৰ চাৰ্চিপ বেটেলিয়নে অভিযান চলাই বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰে।

অসম ৰাইফলছৰ অভিযানকাৰী দলটোৱে অভিযানকালত ৫৫ বেগতকৈ অধিক চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়।

দেওবাৰে নিশা অসম ৰাইফলছে মুখ্য কাৰ্য্যালয়ৰ নিৰ্দেশত মিজোৰামৰ আবকাৰী বিভাগৰ সৈতে যুটীয়াভাৱে এক অভিযান চলাই চাম্ফাই জিলাত।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে এই অভিযানটো চলোৱা হয়।

অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা চুপাৰী খিনিৰ আনুমানিক বজাৰ মূল্য হৈছে প্ৰায় ১২,৩২,০০০ টকা।

মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ সৰবৰাহ বৰ্তমান সময়ত নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে বিৱেচিত হৈছে।

অসম ৰাইফলছে মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তৰে চলি অহা এনে ধৰণৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

Related News