• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়া ভাষাৰ জ্ঞান নথকা প্ৰাৰ্থীক ৰে’লৱেত নিযুক্তি দিয়া বন্ধ কৰাৰ আহ্বান অসম সাহিত্য সভাৰ

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকৰ সৈতে অসম সাহিত্য সভাৰ সভাপতিৰ আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2019 6:54 pm
28-03-2019 photo

অসম সাহিত্য সভাৰ প্ৰতিনিধি দল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অসমৰ খিলঞ্জীয়া মাতৃভাষাৰ জ্ঞান নথকা কোনো প্ৰাৰ্থীক উত্তৰ-পূৱ ৰে’লৱেৰ চাকৰিত যাতে নিযুক্তি দিয়া নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক আহ্বান জনাইছে। আজি বিয়লি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এটা সঁজাতি দল গুৱাহাটী মালিগাঁওস্থিত কাৰ্যালয়লৈ গৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়ক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰি এই সন্দৰ্ভত সাহিত্য সভাৰ ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে।

স্মাৰক পত্ৰখনত সভাই স্পষ্ট কৰি কয় যে-ৰে’লৱেৰ সকলোধৰণৰ নিয়োগৰ পৰীক্ষাত অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰস্তুত কৰিবই লাগিব। এক সুদীৰ্ঘ পৰিক্ৰমাত ৰে’লৱেয়ে এই ক্ষেত্ৰত নূন্যতম কামিখিনি কাৰ্যকৰী নকৰাত সভাই আক্ষেপ প্ৰকাশ কৰে। সভাই আগন্তুক নিযুক্তি পৰ্বত এই গুৰুত্বপূৰ্ণ কামখিনি কাৰ্য্যকৰী কৰিবৰ বাবে আজি মহাপ্ৰৱন্ধকক মুকলি আহ্বান জনায়।

আনহাতে, সাহিত্য সভাই অসমৰ বিভিন্ন জাতীয় অনুষ্ঠান তথা খিলঞ্জীয়া ভাষাৰ সংৰক্ষণ-সংবৰ্ধনৰ বাবে এলানি প্ৰস্তাৱ আৰু পৰামৰ্শ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক প্ৰদান কৰি কয়-উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ দৰে গুৰুত্বপূৰ্ণ বিভাগে ১৯৬০ চনৰ ভাষা আইন যথাযথভাৱে প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী। সভাই আগন্তুক তিনিমাহৰ ভিতৰত ইয়াৰ যথাযথ প্ৰয়োগ নিশ্চিত কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে।

উল্লেখযোগ্য যে, সভাই আজি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিযুক্তি পৰীক্ষাত অসম চৰকাৰৰ ভাষা-নীতি অনুসৰি প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈও দাবী জনায়। সভাৰ মত-উত্তৰ-পূৱ ৰে’লৱেৰ পৰীক্ষাত যিহেতু ইংৰাজী ভাষাজ্ঞান বাধ্যতামূলক, ঠিক সেইদৰে শতাংশ হিচাপ কৰি হ’লেও অসমীয়া ভাষা আৰু অন্যান্য খিলঞ্জীয়া ভাষাজ্ঞান বাধ্যতামূলক কৰিব লাগিব।

অসম সাহিত্য সভাই ৰে’লৱেৰ বিষয়া-কৰ্মচাৰীক অসমীয়া ভাষা শিক্ষণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে।আনহাতে, সভাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ কাৰ্যালয়ৰ কাম-কাজত অসমীয়া ভাষা প্ৰয়োগো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

আজিৰ আলোচনাত সাহিত্য সভাৰ সভাপতিৰ লগতে প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবণীমোহন চহৰীয়া, ধনভঁড়ালী কনক কুমাৰ বৰা, ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে দাসো কলিতা, কিশোৰ কুমাৰ জৈন, প্ৰফুল্ল বৰ্মন আৰু হৰেন্দ্ৰ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে ৰে’লৱেৰ হৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়, অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাধে ৰমন, উপ-মহাপ্ৰৱন্ধক বনিফেছ লাক্ৰা, মুখ্য ব্যক্তিগত বিষয়া দীপক গেব্ৰিয়েল, মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাও উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd