অসমত একাংশ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানে অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চূড়ান্ত অমনোযোগিতা প্ৰদৰ্শন কৰি অহাৰ ফলতে অসমত মাতৃভাষাৰ বিপৰ্যয় নামি আহিছে বুলি অসম সাহিত্য সভাই অভিযোগ উত্থাপন কৰিছে। অসম সাহিত্য সভাই ৰাজ্যসভা আইন অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ অসমৰ বিভিন্ন প্ৰান্তত থকা কাৰ্য্যলয় সমূহত আঞ্চলিক ভাষা প্ৰয়োগৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আজি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত এটি সঁজাতি দলে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহা প্ৰৱন্ধক সুনীল কুমাৰ টেণ্ডনক গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত সাক্ষাৎ কৰে।
অসম সাহিত্য সভাৰ নেতৃত্বই ৰাজ্যভাষা আইন-১৯৬০ প্ৰয়োগৰ দাবীত গ্ৰহণ কৰা সভাৰ প্ৰস্তাৱ ষ্টেট বেংকৰ কাৰ্য্যালয়ত এখন স্মাৰক-পত্ৰ অৰ্পন কৰি আলোচনাত মিলিত হয়। আলোচনা কালত সভাই বেংকৰ অনা-অসমীয়া বিষয়াসকলক অসমীয়া ভাষা শিক্ষণৰ বাবে সকলো ব্যৱস্থা অসম সাহিত্য গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।
আনহাতে, অসমৰ বেংকৰ অধীনৰ যিকোনো চাকৰিৰ বাবে গ্ৰহণ কৰা সাক্ষাৎকাৰত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব বুলি সভাই দাবী জনায়। তাৰোপৰি, বেংকৰ অধীনৰ চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈ মুখ্য প্ৰৱন্ধকজনক আহ্বান জনায়। সভাই উল্লেখ কৰা এনে নীতি প্ৰযোজ্য নহ’লে বেংকৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিয়ে।
উল্লেখযোগ্য যে, অসম সাহিত্য সভাই মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ব্যাপক জনজাগৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে আজিৰ এই সাক্ষাৎ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। আলোচনা কালত সভাৰ সভাপতিৰ লগতে প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবনী মোহন চহৰীয়া, ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, গুৱাহাটী কাৰ্য্যালয়ৰ সচিব চন্দন শৰ্মা, কাৰ্য্যনিৰ্বাহক সদস্য ৰাণা বশিষ্ঠ আৰু ষ্টেট বেংকৰ হৈ সহকাৰী মহা প্ৰৱন্ধক বিজয় চন্দ্ৰ ডেকাও উপস্থিত থাকে।