গুৱাহাটী বিশ্ববিদ্যালয়ত সংকটত মাতৃভাষা : চিন্তিত অসম সাহিত্য সভা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে আলোচনাৰ সময়ত সাহিত্য সভাৰ নেতৃত্ব

গুৱাহাটী বিশ্ববিদ্যালয়ে পূৰ্বৰ দৰে কাৰ্য সম্পাদন নকৰাৰ বাবেই আজি অসমত অসমীয়া তথা অন্যান্য খিলঞ্জীয়া ভাষাসমূহে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

অসম সাহিত্য সভাৰ এটা সঁজাতি দলে মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত অভিযোগ কৰি এক স্মাৰক পত্ৰ দাখিল কৰে। অসমীয়া ভাষাৰ সংবৰ্ধন আৰু সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগৰ প্ৰতিলিপি অসমৰ মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য, বিশ্ববিদ্যালয় শিক্ষক সংস্থা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক পৃথকে পৃথকে অৰ্পন কৰে।

সভাই কৰা অভিযোগ মতে অসমীয়া আৰু ইংৰাজী মাধ্যমক গুৰুত্ব দি অহা জাতীয় বিশ্ববিদ্যালয়খনে সম্প্ৰতি স্নাতক পৰ্যায়ত অসমীয়া মাধ্যমক এলাগী কৰা আৰু প্ৰশাসনীয়ভাবে অসমীয়া ভাষাটোক নূন্যতম মৰ্যাদা নিদিয়া তাৰোপৰি অসমীয়া মাধ্যমত স্নাতক পাঠ্যপুথি প্ৰকাশত অহৈতুক অবহেলা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে জাতীয় চৰিত্ৰ ক্ৰমাৎ হেৰুৱাবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ে অসম সাহিত্য সভাৰ সমগ্ৰ শতবৰ্ষৰ সময়ছোৱাত স্মৃতি সোঁৱৰণ কৰি সৌহাৰ্দ্যমূলকভাবে এগছি বন্তিও প্ৰজ্জ্বলন নকৰাত সভাই তীব্ৰ আক্ষেপ প্ৰকাশ কৰে। সাহিত্য সভাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ হাতত অৰ্পন কৰা স্মাৰক পত্ৰত স্নাতকৰ সকলো পৰ্যায়তে আধুনিক ভাৰতীয় ভাষা বাধ্যতামূলক কৰা, স্নাতকৰ সকলো পৰ্যায়তে অসমীয়া মাধ্যমৰ পাঠ্যপুথি প্ৰকাশ কৰা, প্ৰশাসনীয় স্তৰত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাক সমানে অগ্ৰাধিকাৰ দিয়া, সামগ্ৰিক অসমীয়া পৰিভাষা কোষৰ কাম আৰম্ভ কৰা আদি দাবী সমূহ সন্নিবিষ্ট কৰে।

আনহাতে, বিশ্ববিদ্যালয়খনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ আবক্ষ মূৰ্তিসহ সভাৰ প্ৰাচ্যবিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগ কেন্দ্ৰীয় অসম তত্ত্ব গৱেষণা প্ৰতিষ্ঠানৰ এটা কাৰ্য্যালয়ৰ লগতে  সভাৰ মুক্ত শিক্ষা সংসদৰ  এটি কাৰ্য্যালয় স্থাপন কৰাৰ বাবে উপাচাৰ্য্যৰ ওচৰত দাবী জনায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাই আলোচনাৰ অন্তত সভাই উল্লেখ কৰা প্ৰস্তাৱসমূহৰ প্ৰতি নৈতিক সমৰ্থন স্বীকাৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।