লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাথ গগৈৰ স্মৃতিচাৰণ অনুষ্ঠান

ফটো : নৰ্থ-ইষ্ট নাও

সদ্য প্ৰয়াত লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাক্তন সাংবাদিক লক্ষ্মীনাথ গগৈ(৮৬)ৰ স্মৃতিচাৰণ অনুষ্ঠান আজি তেখেতৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়।

লিডু শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত গগৈৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেখেতৰ পত্নী তুলদা গগৈয়ে। তাৰ পাছতে শাখাৰ সভাপতি চন্দ্ৰ গৌতমৰ পৌৰহিতত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং বিষিষ্ট অতিথি ৰূপে উপস্থিত থাকি লিডুৰ দুয়োখন মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত গগৈৰ অৱদানক স্মৰণ কৰে৷

সভাত তেওঁৰ একালৰ সহকৰ্মী তথা শংকৰদেৱ বিদ্যা পীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোমেশ্বৰ নেওগ, মাৰ্ঘেৰিটা আঞ্চালিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ কৃপা প্ৰসাদ উপাধ্যায়কে ধৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

উল্লেখযোগ্যযে ৫ জুলাইৰ নিশা বাৰ্ধক্যজনিত কাৰণত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত  চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটা গগৈয়ে ৫ বছৰ কাল শামুকজান গাঁও পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেখেতৰ জীৱন কৃতিক সামৰি মাধৱ দয়াল দত্তৰ সম্পাদনাত লিডু শাখা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা ‘লক্ষ্মীনাথ গগৈ : ব্যক্তি আৰু ব্যক্তিত্ব’ শীৰ্ষক স্মাৰক গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।