অসম সাহিত্য সভাই ভাষাৰ ক্ষেত্ৰত কেতিয়াও দ্বন্দ্ব নিবিচাৰে : পৰমানন্দ ৰাজবংশী

“সম্প্ৰতি অসমত সংকট সৃষ্টিৰ মূল কাৰণ হ’ল ভাষা। আজি অসমত ভাষা নীতি নাই। যি ভাষা নীতি এবছৰ আগতে অসম সাহিত্য সভা, জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সভাই বিশেষজ্ঞসকলৰ লগত লগ লাগি তৈয়াৰ কৰি শিক্ষা মন্ত্ৰীৰ হাতত অৰ্পন কৰিছিল কিন্তু তাক চৰকাৰে এবছৰে গুৰুত্ব প্ৰদান নকৰিলে।’ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।

২৯ ডিচেম্বৰত বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ ,অসমৰ প্ৰথম বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি তেওঁ লগতে কয়, ‘অসমীয়া ভাষা আৰু বিভিন্ন খিলঞ্জীয়া ভাষাৰ সংকট মোচনৰ বাবে  পূৰ্বৱৰ্তী চৰকাৰ আৰু বৰ্তমান চৰকাৰক ৭ বছৰ ধৰি সাহিত্য সভাই বিভন্ন দিহা পৰামৰ্শ দি আহিছে যদিও তাক চৰকাৰে   উলাই কৰি অহাৰ ফলতেই ভাষাৰ সংকটৰ সৃষ্টি হৈছে।

উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ সভাপতি আমানুল ইছলামৰ পৌৰহিত্যিত অনুষ্ঠিত মুকলি সভাত ৰাজবংশীয়ে উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ মুখপত্ৰ শিক্ষা প্ৰহৰীখন উন্মোচন কৰে।

ৰাজবংশীৰ মতে অসমৰ স্বায়ত্ব শাসিত পৰিষদ সমূহত অসমীয়া ভাষী লোকৰ সংখ্যা সৰ্বাধিক। সেয়ে সেই অঞ্চলসমূহত অসমীয়াক প্ৰধান ভাষা আৰু বড়ো বা অন্যান্য জনগোষ্ঠীয় ভাষা সহযোগী ভাষা বুলি উল্লেখ কৰি এই কথা চৰকাৰে ঘোষনা কৰাৰ আগতেই অসম সাহিত্য সভাই ঘোষণা কৰি থৈছে।

তেও কয়, ‘বিটিচিত ৭০ শতাংশ অসমীয়া ভাষী মানুহ আৰু বাকী বড়ো ভাষী মানুহৰ ভাষাৰ ক্ষেত্ৰত অসম সাহিত্য সভা দায়বদ্ধ। সাহিত্য সভাই ভাষাৰ ক্ষেত্ৰত দন্দ হোৱাটো কেতিয়াও নিবিচাৰে’।

সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আলোক কুমাৰ বুঢ়াগোহাঁইয়ে কয়, ‘অসমত মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী যথেষ্ট আছে। মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক চিনাক্ত কৰি উলিওৱাটো শিক্ষক সমাজৰ দায়িত্ব।’

মুকলি সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুবোধ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মুকলি সভাৰ পূৰ্বে পুৱা ১০বজাত অনুষ্ঠিত প্ৰতিনিধি সভা মুকলি কৰে বাক্সা জিলা পৰিমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়াই। বিধায়ক ইমানুৱেল মোছাহাৰীয়ে আদৰণি ভাষণ দিয়া প্ৰতিনিধি সভাত বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বাসুমতাৰীও উপস্থিত থাকে।