NORTHEAST NOW (Assamese)

জাতি আৰু ভাষা ৰক্ষা হ’বলৈ হ’লে বিদেশীৰ আগমন বন্ধ হ’বই লাগিব : পদুম ৰাজখোৱা

March 10, 2019 9:57 pm · এন ই নাও নিউজ

‘অসমীয়া জাতি আৰু ভাষা ৰক্ষা হ’বলৈ হ’লে চৰকাৰী কূট-কৌশল বন্ধ কৰি বিদেশীৰ আগমন বন্ধ কৰিবই লাগিব। তাকে যদি কৰিব পৰা নাযায় তেন্তে সময়ৰ সন্ধিক্ষণত অসমীয়া জাতি-ভাষাৰ সংকটাপূৰ্ণ ভৱিষ্যতৰ বাবে আমি আশংকাত ভুগিব লাগিব’। গোৱালপাৰা সাহিত্য সভাৰ বৰ্ষজোৰা শতবৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই।

ইফালে এই অনুষ্ঠানত গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই কয়, ‘অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে সাহিত্য সভাই গ্ৰহণ কৰি অহা ব্যৱস্থাসমূহৰ প্ৰতি আমাৰো দায়বদ্ধতা আছে। সেয়ে এই দায়বদ্ধতা ৰক্ষা কৰি জিলাখনৰ সকলো নামফলকতে অহা তিনিদিনৰ ভিতৰত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিলো’।

শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি জিতেন দাসৰ সভাপতিত্বত গোৱালপাৰাৰ খগেন্দ্ৰনাথ স্মৃতি ভৱনত অনুষ্ঠিত হোৱা মুকলি সভাত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি ড০ ইব্বাত আলী, সম্পাদক বাণীকান্ত ৰাভা, গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ সভাপতি ৰবীন চন্দ্ৰ বড়ো, জিলাখনৰ ৰাভা সাহিত্য সভাৰ সভাপতি প্ৰাণেশ্বৰ ৰাভাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইফালে আজিৰ এই সভাতে শতবৰ্ষ সামৰণি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই। আনহাতে পংকজ দাসে সম্পাদনা কৰা বাৰ্ষিক মুখপাত্ৰ উত্তৰণ উন্মোচন কৰে ৰমাকান্ত বৰুৱাই।

উল্লেখ্য যে শতবৰ্ষৰ সামৰণি উপলক্ষে আজি দিলীপ কুমাৰ শৰ্মাৰ সঞ্চালনাত এক অন্তৰংগ অনুষ্ঠান পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয়।

Related News