‘অসমৰ শিপিনীয়ে প্ৰস্তুত কৰা গামোচা’, আৰ’নাই আদি চৰকাৰে ক্ৰয় কৰক’, অসম সংগ্ৰামী মঞ্চ

‘অসমৰ শিল্পী আৰু কলাকুশলীসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে আৰ্থিক সাহায্য প্ৰদান কৰক’, অদীপ কুমাৰ ফুকন

index.jpgnnf

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰা বস্ত্ৰ নগৰী শুৱালকুছিৰ হস্ততাঁত শিল্পৰ ক্ষেত্ৰখনৰ লগতে সমগ্ৰ অসমৰ শিপিনী তথা বোৱনীসকলৰ বাবে চৰকাৰে বিশেষ আৰ্থিক সহযোগ আগবঢ়াৱৰ বাবে এক বিবৃতি যোগে দাবী জনাইছে অসম সংগ্ৰামী মঞ্চই।

আঞ্চলিক দলটোৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে প্ৰেৰণ কৰা বিবৃতিত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰণজিৎ দত্তক উদ্দ্যেশি কয়, ‘ব’হাগ বিহুক লক্ষ্য কৰি অসমৰ শিপিনী-বোৱনীসকলে প্ৰস্তুত কৰা গামোচা, আৰ’নাই আদিক চৰকাৰে নিজস্বভাৱে ক্ৰয় কৰি এই আৰ্থিক সংকটৰ সময়ত তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়ক। লকডাউন চলি থকাৰ মাজতে ব’হাগ বিহুৰ উদ্দেশ্যে চৰকাৰে নিজস্ব বিপনীৰ জৰিয়তে সেয়া বিক্ৰী কৰিব পাৰিব।’

আনহাতে ব’হাগ বিহু আৰু ব’হাগ মাহৰ ওপৰত ভিত্তি কৰি চলি থকা অসমৰ বস্ত্ৰ উদ্যোগটোক জীয়াই থকাৰ স্বাৰ্থত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগে বুলি মঞ্চই দাবী জনায় ।

‘পাট সূতাৰ অত্যাধিক মূল্য বৃদ্ধি কৰিছে এচাম অসাধু ব্যৱসায়ীয়ে। শুৱালকুছিৰ প্ৰায় ১৫ হাজাৰ শিপিনী আজি সংকটত পৰিছে। চৰকাৰৰ কোনো আৰ্থিক আঁচনিত স্থান নোপোৱা এই ১৫ হাজাৰ শিপিনীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা ২৫ লাখতকৈয়ো অধিক বোৱনীলৈকো অসম চৰকাৰে আৰ্থিক সহযোগ আগবঢ়োৱা উচিত ।’ বিবৃতিত নেতাদ্বয়ে এনেদৰে কয় ।

আনহাতে অসমৰ শিল্পী আৰু কলাকুশলীসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মতে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য কাৰ্যকৰী কৰাৰ বাবে মঞ্চই দাবী জনায়।

ইয়াৰোপৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ব’হাগ মাহটোত কোনো বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা শিল্পীসকলৰ বছৰটোৰ বাবেই আয়ৰ পথটো একপ্ৰকাৰ বন্ধ হয় বুলি নেতা দ্বয়ে বিবৃতিত উল্লেখ কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায়।