অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰ পুথিভড়াল মুকলি অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ

অসম ছাত্ৰ পৰিষদে আজি অগপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত পূৰ্বে অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে ছাত্ৰ সংগঠনটোৱে ছাত্ৰ পুথিভড়াল মুকলি কৰে।

‘‘ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ পুথিভড়ালৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক জিলাত কিতাপ সংগ্ৰহ কৰিবলৈ সদস্য থাকিব। ৬ মে’ৰ পৰা ২৬ মে’ পৰ্যন্ত জিলাত থকা স্বেচ্ছাসেৱক সকলে বিভিন্ন জনৰ পৰা কিতাপ সমূহ সংগ্ৰহ কৰিব ৷ ২৬ মে’ৰ পৰা ৬ জুন পৰ্যন্ত পঢ়া কিতাপ সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিতৰণ কৰা হ’ব লগতে ৬ জুনৰ পৰা ১৬ জুন পৰ্যন্ত যোগাযোগ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰলৈ গৈ বিভিন্ন ধৰনৰ বাহিৰা কিতাপ বিতৰণ কৰা হ’ব,’’ সংবাদমেলত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই কয়।

ছাত্ৰ পুথিভড়াল মুকলি কৰি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই কয় যে ল’কডাউনৰ সময়ত এয়া যোগাত্মক পদক্ষেপ ৷ এই কাৰ্য্যই মানসিকভাবে দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীক সহায় কৰিব।

বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াৰদ্বাৰা উপকৃত হ’ব বুলি কলিতাই উল্লেখ কৰি অসম ছাত্ৰ পৰিষদৰ প্ৰয়াস সফল হোৱাৰ বাবে কামনা কৰে।

আনহাতে, অসমৰ ছাত্ৰ-ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ বাবে এটি এপ মুকলি কৰা হ’ব বুলিও ঘোষণা কৰে অসম যুৱ পৰিষদৰ সভাপতি সুনিল ডেকাই।

অনুষ্ঠানটিত অসম যুৱ পৰিষদৰ কাৰ্যকাৰী সভাপতি তপন দাস উপস্থিত থাকে।