তিষ্ঠিবই নোৱাৰিলে অসমে : উৰিষ্যাৰ বিপক্ষে মাত্ৰ ১২১ ৰানতে স্তব্ধ প্ৰথম ইনিংছ

Guwahati- Ranji trophy cricket

ফটো : য়ুবি

দুবছৰৰ মূৰত ৰঞ্জি ট্ৰফীৰ মেচত জয়ৰ মুখ দেখা অসম দলে চলিত ছিজনত উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰি থকাৰ সময়তে পুনৰ দলটোৰ দুৰ্বল প্ৰদৰ্শনে ক্ৰিকেট প্ৰেমীসকলক আশাহত কৰি তুলিছে।

আজিৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত উৰিষ্যাৰ বিৰুদ্ধে আৰম্ভ হোৱা ৰঞ্জি ট্ৰফীৰ এখন মেচত ঘৰুৱা দল অসমে অতি শোচনীয় প্ৰদৰ্শন কৰা দেখা যায়। দলটোৱে মাত্ৰ ১২১ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে।

ঘৰুৱা দলটোৰ মাত্ৰ পাঁচজন বেটছমেনেহে দহকৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় যদিও প্ৰকৃততে উৰিষ্যাৰ শক্তিশালী বলিং লাইনৰ আগত গোটেই কেইজন বেটছমেনে নিৰ্লজ্জ আত্মসমৰ্পণ কৰা দেখা যায়। অসমৰ হৈ ঋষভ দাসে ১৪, শিৱশংকৰ ৰয়ে ১৬, ৰিয়ান পৰাগে ২৪, অৰুপ দাসে ১৬ আৰু ৰঞ্জিৎ মালীয়ে সৰ্বাধিক ২৮ ৰান কৰে। আনহাতে উৰিষ্যাৰ হৈ পেছ বলাৰ ৰাজেশ মহান্তিয়ে ৩১ ৰানত লাভ কৰে ৫টা উইকেট।

প্ৰত্যুত্তৰত আলহী দল উৰিষ্যাই দিনান্তৰ অন্তলৈ ৩ উইকেট হেৰুৱাই ৮৬ ৰান সংগ্ৰহ কৰে। উৰিষ্যাৰ হৈ অনুৰাগ চাৰংগীয়ে ৬১ আৰু বিপ্লব সামান্ত্ৰে ৭ ৰান কৰি অপৰাজিত হৈ ৰোৱাৰ উপৰি ৰাজেশ ধুপেৰে ১, গোবিন্দ পোদ্দাৰে শূণ্য আৰু শুভ্ৰান্সু সেনাপতিয়ে ১০ ৰান কৰি পেভেলিয়নলৈ উভটি যায়। অসমৰ হৈ মুখতাৰ হুছেইনে আটাইকেইটা উইকেট দখল কৰে।

উল্লেখযোগ্য যে প্ৰশিক্ষক আৰু মুখ্য নিৰ্বাচকে অসমৰ অভিজ্ঞ ক্ৰিকেটাৰসকলক বঞ্চিত কৰি দল গঠন কৰা বাবেই অসমে এইদৰে ধাৰাবাহিকভাৱে হতাশাজনক প্ৰদৰ্শন আগবঢ়াই আছে বুলি মন্তব্য কৰে ক্ৰিকেটপ্ৰেমীয়ে। এইবাৰ অসম দলত উপেক্ষিত হৈ ৰোৱা অভিজ্ঞ ক্ৰিকেটাৰ সকল হ’ল স্বৰূপম পুৰকায়স্থ, আবু নেছিম, গকুল শৰ্মা আৰু তাৰজিন্দৰ সিং।