কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰলৈ কেইটামান পৰামৰ্শ সচিবালয় সেৱা সন্থাৰ

jonota bhawan

ল’কডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পাছত ৰাজ্যজুৰি চৰকাৰী কাৰ্য্যালয়লৈ উভটিছে বিষয়া কৰ্মচাৰী। অসম সচিবালয়তো আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীৰে আৰম্ভ কৰা হৈছে চৰকাৰী কাম-কাজ।

ল’কডাউন শিথিলৰ লগে লগে জনতা ভৱনৰ কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে আজিৰে পৰা চৰকাৰৰ নিৰ্দেশমৰ্মে গুৱাহাটীৰ ৮টা পথত ১৬ খন বাছৰ সেৱা আৰম্ভ কৰিছে।

উল্লেখ কৰিব পাৰি যে কাৰ্যালয়লৈ অহা যোৱা কৰাৰ বাবে নিজাববীয়াকৈ ব্যক্তিগত বাহন ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰা নাই।

কিন্তু অনুমোদিত  সকলো বাছত “সামাজিক দুৰত্ব” পৰিলক্ষিত হোৱা নাই। ফলত কাৰ্যালয়ত অহা যোৱা কৰাত কিছু বিষয়া কৰ্মচাৰীৰ অসুবিধা হৈছে।

বহু কেইটা পথতে চৰকাৰে বান্ধি দিয়া সংখ্যাতকৈ বেছি কৰ্মচাৰী বাছত আহিবলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ তোলে অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই।

ইয়াৰ লগতে অন্যান্য কিছু দিশ সামৰি কোভিড১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এক বিজ্ঞপ্তিৰ জৰিয়তে জনতা ভৱনৰ বিষয়া কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ নিমিত্তে চৰকাৰক কেইটামান পৰামৰ্শ আগবঢ়ায় অসম সচিবালয় সেৱা সন্থাই।

তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :-

১) কাৰ্যালয়লৈ অহা যোৱা কৰিবৰ বাবে “roster duty” ৰ বিপৰীতে কৰ্মচাৰীসকলক ব্যক্তিগত বাহন ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰা।

২) চৰকাৰে অনুমোদন কৰা বাছসমূহৰ কৰ্মচাৰী যাত্ৰীৰ ক্ষেত্রত সম্পুৰ্ণ “সামাজিক দুৰত্ব”ৰ নীতি মানি চলা, যথাসময়ত পৰ্যাপ্ত পৰিমাণে চেনিটাইজ কৰা, প্ৰয়োজন সাপেক্ষে আৰু বাছৰ সংখ্যাৰ লগতে বাছৰ পথো বৃদ্ধি কৰা।

৩) গৃহ মন্ত্রণালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি ৫ বছৰৰ তলৰ সন্তান থকা অভিভাৱকসকলক ঘৰৰ পৰাই কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা।

৪) গৰ্ভৱতী কৰ্মচাৰী, মধুমেহ ৰোগ থকা কৰ্মচাৰী, উচ্চ ৰক্তচাপত আক্ৰান্ত কৰ্মচাৰী, দিব্যাংগ কৰ্মচাৰী আদিৰ শাৰিৰীক দিশৰ প্ৰতি লক্ষ্য  তেখেতসকলক ঘৰৰ পৰাই কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা।

৫) জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগৰ বাহিৰে বাকী বিভাগবোৰৰ ক্ষেত্রত শিথিলতাৰ নীতি পৰিৱৰ্তন কৰি কৰ্মচাৰীসকলক ঘৰৰ পৰাই কৰ্মত নিয়োজিত কৰা বা আৰু সাময়িকভাবে যথাসম্ভব অতি কম কৰ্মচাৰীৰ জৰিয়তে কাৰ্য সম্পাদন কৰা।

৬) গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ বিভিন্ন স্হানত আৱদ্ধ হৈ থকা জনতা ভৱনৰ কৰ্মচাৰীসকলক গুৱাহাটীলৈ অহাৰ ব্যৱস্থা কৰা।

৭) যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্মত নিয়োজিত হৈ থকা সময়ত কোভিড১৯ ৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰে তেনে কৰ্মচাৰীসকলকো ৫০ লাখ টকাৰ বীমাৰ আওতাধীন কৰা।

পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনাকো প্ৰাধান্য দিয়াৰো সন্থাই পোষকতা কৰে।

ইয়াৰোপৰি বিজ্ঞপ্তিত উল্লেখ কৰি হাজৰিকাই কয় ‘সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী ভাৱে অনুমোদিত বাছসেৱা বা/ আৰু অন্য যাতায়তৰ সেৱাৰ সুবিধা নাপালে কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা কম (যদিহে খোজ কাঢ়ি আহিব পৰা দুৰত্বৰ আওতাধীন নহয়) আৰু এইক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব। কোনো কৰ্মচাৰী যাতায়তৰ অসুবিধাৰ বাবে কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে কৰ্মচাৰীসকলৰ পক্ষতেই সন্থাই থাকিব।‘

এনেবোৰ দিশত চৰকাৰে অতিশীঘ্ৰে নীতি নিৰ্ধাৰণ কৰিব বুলি হাজৰিকাই আশা প্ৰকাশ কৰে।