NORTHEAST NOW (Assamese)

অমিত শ্বাহক ’শান্তি‘ দেখুৱাবলৈকে গুৱাহাটীত জাৰি কৰা হৈছে নেকি ১৪৪ ধাৰা!

May 21, 2023 7:57 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২৫ মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ অহাৰ কথা। যাৰ বাবে আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ নং ধাৰা। সেই অনুসৰি পাঁচজনতকৈ অধিক লোকৰ সমাৱেশ আৰু শোভাযাত্ৰা বা শ্লোগান দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে নিষেধাজ্ঞামূলক ব্যৱস্থাৰ অধীনত সমগ্ৰ গুৱাহাটী মহানগৰীত পাঁচজনতকৈ অধিক লোকৰ সমাৱেশ, শোভাযাত্ৰা আৰু শ্লোগান দিয়া নিষিদ্ধ কৰা হৈছে।

  “… কিছুমান নিৰ্দিষ্ট আৰু অনিৰ্দিষ্ট ব্যক্তি বা সংগঠনে গোটে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ অধিকাৰক্ষেত্ৰৰ যিকোনো অংশত কাৰ্যালয়ৰ স্বাভাৱিক কাৰ্য্যকলাপ, জনসাধাৰণৰ চলাচল আৰু যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে।” – নিষেধাজ্ঞাৰ জাননীখনত এইদৰে কোৱা হৈছে।

আৰক্ষী আয়ুক্তৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সচেতন লোকসকলে সততে এই প্ৰশ্ন উত্থাপন কৰিছে- অমিত শ্বাহক অসমত শান্তি বৰ্তি থকা বুলি দেখুৱাবৰ বাবেই প্ৰতিবাদ, প্ৰতিৰোধ বা ধৰ্ণা নিষিদ্ধ কৰি ১৪৪ ধাৰা জাৰী কৰা হৈছে নেকি ? ইতিমধ্যে বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Related News