অদীপ ফুকনসহ ৪জন জাতীয়তাবাদী নেতাৰ অসম সংগ্ৰামী মঞ্চত যোগদান

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে আজি আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে। অসম সাহিত্য সভাৰ গুৱাহাটীৰ কার্যালয়ত দলটোৰ সভাপতি দিগন্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি বেজবৰুৱাই ফুকনক দলৰ মজিয়ালৈ স্বাগতম জনায়।

যোগদানৰ পিছতে তেওঁক দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়।

অদীপ ফুকনৰ লগতে দলটোত জাতীয়তাবাদী যুৱ পৰিষদৰ জন্মদাতা বিমল প্ৰসাদ চৌধুৰী, অগপৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক দিৱস ফুকন আৰু  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন প্ৰতিষ্ঠাপক বিষয়ববীয়া ৰবীন দত্তই যোগদান কৰে।

ইয়াৰে বিমল প্ৰসাদ চৌধুৰীক জ্যেষ্ঠ উপ সভাপতিৰ আৰু ৰবীন দত্তক উপ সভাপতিৰ দায়িত্ব দিয়া হয়।

আজি যোগদান কৰি অদীপ ফুকনে কয়, ‘আজিকালি চকী ৰক্ষাৰ ৰাজনীতি, চৰকাৰী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি চলি আছে। এই বিলাকক উফৰাবলৈ ৰাজনৈতিক জাতীয়তাবাদী সংগ্ৰামৰ প্ৰয়োজন। জনগণৰ বাবে মাত মতা ৰাজনৈতিক সংগঠন খুব কমেই দেখা যায়। সংগ্ৰামী মঞ্চই ৰাইজৰ হকে মাত মাতি যাব।‘

‘এই চৰকাৰৰ দিনত উচ্চ শিক্ষাৰ প্ৰসাৰ নহ’ল, প্ৰচাৰ হে হ’ল, শিল্পায়ন বিকাশ নহ’ল, কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে। অসমৰ চাহ বাগিচা ডাঙৰ ডাঙৰ কোম্পানীয়ে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।‘-তেওঁ লগতে কয়।

আনহাতে প্ৰাক্তন অগপ নেতা দিৱস ফুকনে কয়, ‘অগপই অসম আৰু অসমীয়াক প্ৰতাৰণা কৰিলে। ক্ষমতাৰ লোভ এৰিব নোৱাৰি পুনৰবাৰ বিজেপিৰে মিত্ৰতা কৰিলে অগপই। জাতীয়তাবাদী সংগ্ৰাম আগুৱাই নিবলৈ অসম সংগ্ৰামী মঞ্চ একমাত্ৰ স্থান। জাতীয়তাবাদী শক্তিক একত্ৰিত কৰি আগুৱাই নিব চেষ্টা কৰিম।‘

ৰবীন দত্তই কয়, ‘আপোচবিহীন সংগ্ৰামৰ বাবে উপযুক্ত স্থান বা দল হ’ল অসম সংগ্ৰামী মঞ্চ। ৰাইজৰ আন্দোলন সদনৰ মজিয়ালৈ লৈ যাবলৈ তথা জীৱনৰ বাকী থকা সময়খিনি ৰাইজৰ সেৱা কৰিবলৈ মই এই দলত যোগদান কৰিছো।‘