NORTHEAST NOW (Assamese)

মাজ নিশা কঁপি উঠিল অসম : ডাঙৰ ভুইকঁপ

February 27, 2025 8:20 am · এন ই নাও নিউজ, গুৱাহাটী

বুধবাৰে মাজ নিশা ভুমিকম্পই কঁপাইও গ’ল অসম। অসমকে ধৰি কেইবাটাও অঞ্চলতআনুভূত হ’ল জোকাৰণি।

এই ভূমিকম্পৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু অসমৰ মৰিগাঁও জিলা।

পুৱা প্ৰায় ২:৩০ বজাত এই কম্পন অনুভৱ কৰা হয়।

মাটিৰ পৰা ১৬ কিলোমিটাৰ তলত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। অৱশ্যে এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই।

যোৱা মঙলবাৰে কলকাতাকে ধৰি দক্ষিণ বংগৰ এক বৃহৎ অঞ্চলত ভূমিকম্পৰ সৃষ্টি হয়। ওড়িশাৰ লগতে বাংলাদেশৰ কিছু অংশতো এই কঁপনি অনুভূত হয়। সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বংগোপসাগৰৰ ৯১ কিলোমিটাৰ তলত।

Related News