NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক চিৰিয়াখানাত নতুনকৈ তিনিটা গঁড়ৰ সংযোজন

March 11, 2022 12:13 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনলৈ কাজিৰঙাৰ পৰা তিনিটা নতুন গঁড় অনা হৈছে।

বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণৰ (চিডব্লিউআৰচি)পৰা গঁড়কেইটা চিৰিয়াখানালৈ অনা হৈছে।

চিৰিয়াখানাৰ সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচীৰ অংশ হিচাপে গঁড় তিনিটাক স্থানান্তৰিত কৰা হৈছে।

বন বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি ২০১৯-২০২০ বৰ্ষত বানপানীৰ সময়ত এই গঁড় কেইটা উদ্ধাৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা ই বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণত আছিল।

গঁড় তিনিটাৰ ভিতৰত এটা মতা আৰু দুটা মাইকী গঁড় আছে বুলি জানিব পৰা গৈছে।

অসম ৰাজ্যিক চিৰিয়াখানাত গঁড়কেইটাৰ বাবে এটা পৃথক বেষ্টনী সৃষ্টি কৰা হৈছে।

নতুন পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ গঁড় তিনিটাক প্ৰায় এমাহৰ বাবে পৃথক বেষ্টনীত ৰখা হ’ব।

Related News