বিশ্বব্যাপী থকা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চোৰাংচোৱা ভিত্তিক দেশজোৰা অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে কেৰেলা আৰু পশ্চিম বংগ আৰক্ষীৰ ঘনিষ্ঠ সমন্বয়ৰে কূতাঘাতৰ পৰিকল্পনা কৰা সন্ত্ৰাসবাদী মডিউল এটা উৎখাত কৰে।
মঙলবাৰ আৰু বুধবাৰৰ মাজৰ নিশাটোত কেৰালা, পশ্চিম বংগ আৰু অসমত একেলগে চলোৱা অভিযানৰ সময়ত এছটিএফে ভাৰতীয় উপমহাদেশৰ আল কায়দাৰ সংযুক্ত সংগঠন (একিউআইএছ)ৰ সহযোগী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ ৮ জন কৰ্মীক গ্ৰেপ্তাৰ কৰে ৷ অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক বিবৃতিত এই কথা সদৰী কৰে।
এই সন্ত্ৰাস মডিউলে সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ অসম আৰু পশ্চিম বংগত শ্লীপাৰ চেল স্থাপনৰ কাম কৰি আছিল। বিবৃতিটোত লগতে কোৱা হৈছে যে ইয়াৰে এজন সদস্য বাংলাদেশী নাগৰিক এম ডি ছাদ ৰাদি ওৰফে এম ডি শ্বাব শ্বেখক কেৰালাত গ্ৰেপ্তাৰ কৰা হৈছে।
আনহাতে আন দুজন অপাৰেটিভ পশ্চিম বংগৰ আৰু বাকী পাঁচজন অসমৰ। ‘অপাৰেচন প্ৰঘাত’ কোডনামৰ এই অভিযানৰ নেতৃত্বত আছিল এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্ত।
ইয়াত লগতে কোৱা হৈছে যে আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাছিমুদ্দিন ৰহমানিৰ ঘনিষ্ঠ সহযোগী এম ডি ফাৰহান ইছৰাক নামৰ এজনৰ নিৰ্দেশনাত এদল ব্যক্তিয়ে গোপনে ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ সন্দৰ্ভত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰিছিল।
তেওঁলোকৰ কুৎসিত মতাদৰ্শ প্ৰচাৰ আৰু সমগ্ৰ দেশতে শ্লীপাৰ চেল স্থাপনৰ বাবে বাংলাদেশী নাগৰিক এম ডি ছাদ ৰাডীক চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল ।
একে উদ্দেশ্যেৰে কেৰালালৈ যোৱাৰ পূৰ্বে তেওঁ অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰি এবিটিৰ শ্লীপাৰ-চেলৰ কৰ্মীসকলক লগ কৰিছিল বুলিও লগতে কোৱা হৈছে।
ধৃত আন আন অপাৰেটিভ কেইজন হ’ল মিনাৰুল শ্বেখ বয়স ৪০, মোড আব্বাছ আলী বয়স ৩৩ (দুয়োজন পশ্চিম বংগৰ বাসিন্দা), নুৰ ইছলাম মণ্ডল (৪০), আব্দুল কৰিম মণ্ডল (৩০), মজিবৰ ৰহমান (৪৬), হামিদুল ইছলাম (৩৪) আৰু এনামুল ৷
গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ পৰা জব্দ কৰা আপত্তিজনক নথি-পত্ৰ আৰু মোবাইল ফোনৰ সৈতে কাৰিকৰী প্ৰমাণসমূহে যোৱা দুমাহ ধৰি বাংলাদেশ আৰু পাকিস্তান ভিত্তিক সূত্ৰসমূহৰ সৈতে সীমান্তৰ সিপাৰে তেওঁলোকৰ অবিৰত যোগাযোগৰ ইংগিত দিয়ে বুলিও ইয়াত লগতে কোৱা হৈছে।
এই শ্লীপাৰ চেলসমূহৰ উদ্দেশ্য আছিল গোপন অপাৰেচনেল ইউনিট হিচাপে কাম কৰা, যিবোৰ বিধ্বংসী আৰু হিংসাত্মক কাৰ্য্যকলাপৰ বাবে সাজু আছিল আৰু শান্তি বিঘ্নিত কৰাৰ লগতে জীৱন আৰু সম্পত্তি ধ্বংসৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰা।
ইয়াত লগতে কোৱা হৈছে যে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলে এম ডি ছাদ ৰাডীক তেওঁৰ অভিযানত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যি একেধৰণৰ মৌলবাদী মতাদৰ্শৰ অংশীদাৰ বা আকৃষ্ট ব্যক্তিক চিনাক্ত কৰি নিযুক্তি আৰু প্ৰশিক্ষণ প্ৰদান কৰিছিল।
স্থানীয় বিচ্ছিনতা, ধৰ্মীয় আৱেগ আৰু বিভাজনকামীক আকৰ্ষণ কৰি তেওঁলোকে নিজৰ সংগঠনৰ প্ৰসাৰৰ লক্ষ্যৰ প্ৰতি আনুগত্যশীল হৈ ৰাডাৰৰ তলত কাম কৰিব পৰাকৈ এটা নেটৱৰ্ক গঢ়ি তোলা আৰু ভাৰতত সন্ত্ৰাস আৰু বিশৃংখলতা সৃষ্টি কৰাৰ লক্ষ্য লৈছিল বুলি বিবৃতিটোত লগতে কোৱা হৈছে।