বিশাখাপট্টনমত হ’বলগীয়া ৰাষ্ট্ৰীয় দাবা প্ৰতিযোগিতালৈ অসম দল ঘোষণা

chess tournament

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

অহা ৪ মে’ৰ পৰা ১২ মে’লে অন্ধ্ৰপ্ৰেদশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ১৩ বছৰ অনূৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় দাবা প্ৰতিযোগিতাৰ বাবে অসম দলটো ঘোষণা কৰা হয়।

অন্ধ্ৰপ্ৰদেশ দাবা সন্থাৰ উদ্যোগত অনু্ষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন। গুৱাহাটীত অনুস্থিত হৈ যোৱা ১৩ বছৰ অনূৰ্দ্ধৰ আন্তঃজিলা দাবা প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ভিত্তিত অসম দলটো নিৰ্বাচন কৰা হয়।

ঘোষিত দলটো- ছোৱালী শাখাৰ বাবে গুৱাহাটীৰ অশ্লেষা তালুকদাৰ আৰু গোলাঘাটৰ উইনী থেংগাল। ল’ৰাৰ শাখাত-গুৱাহাটীৰ মায়ংক চক্ৰৱৰ্তী আৰু প্ৰাণগোৱিন্দ পি কাশ্যপ। দলটোৰ মেনেজাৰ হিচাপে দায়িত্ব দিয়া হৈছে পল্লৱ গোহাঁইক।

আনহাতে, প্ৰতিযোগিতাখনৰ মুকলি শাখাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী খেলুৱৈসকলক ৭ এপ্ৰিলৰ ভিতৰত অসম দাবা সন্থাৰ কোষাধ্যক্ষ মাধৱ শৰ্মাৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

অসম দাবা সন্থাৰ তৰফৰ পৰা প্ৰতিযোগিতাখনত অসমে ভাল প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।