ডিচেম্বৰৰ অন্তিম সপ্তাহত টে’টৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা

tet-exam

প্ৰতিনিধিত্বমূলক ফটো

অসমত যোৱা নৱেম্বৰত অনুষ্ঠিত হৈ টিচাৰ এলিজিবিলিটি টেষ্ট (TET)ৰ ফলাফল চলিত ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

প্ৰাৰ্থীসকলে ফলাফল  ssa.assam.gov.in ৱেবছাইটত চাব পাৰিব।

টে’টত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শ্ৰেণীত শিক্ষক হিচাপে নিযুক্তি দিয়া হ’ব।

টে’টত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে মুঠ ১৫০ নম্বৰৰ ভিতৰত ৯০ নম্বৰ লাভ কৰিব লাগিব।

অৱশ্যে, এইবছৰ কাট অফ মাৰ্ক ১২০ৰপৰা ১২৫ নম্বৰ মাজত থকাৰ সম্ভাৱনা আছে।

আনহাতে, অনুসূচীত জাতি/ অনুসূচীত জনজাতি(পাহাৰীয়া)/অনুসূচীত জনজাতি(ভৈয়াম)/অ’বিচি/এমঅ’বিচি/পিডব্লিউডি(পিএইচ) শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে ৫শতাংশ নম্বৰ ৰেহাই দিয়া হ’ব।

যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা অসমৰ টে’ট পৰীক্ষাটোত মুঠ প্ৰায় চাৰি লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

ৰাজ্যখনৰ ৩৩৩খন জিলাত পৰীক্ষাটো অনুষ্ঠিত হৈছিল।

ৰাজ্যখনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত এইটোৱে আছিল প্ৰথমটো টে’ট পৰীক্ষা।

সাত বছৰৰ বিৰতিত অনুষ্ঠিত হৈছিল এই টে’ট পৰীক্ষা। ইয়াৰ পূৰ্বে শেষবাৰ ২০১২চনত কংগ্ৰেছ চৰকাৰৰ দিনত টে’ট পৰীক্ষা অনুষ্ঠিত হৈছিল।

বৰ্তমান ৰাজ্যখনত মুঠ ১৭,২৯২ টা পদ খালী আছে।

ইয়াৰ ভিতৰত ১০,১৩৭টা পদ নিম্ন প্ৰাথমিক পৰ্যায়ৰ আৰু ৭,১৫৫টা পদ উচ্চ প্ৰাথমিক পৰ্যায়ত খালী হৈ আছে।