‘চাকৰি নিয়মীয়াকৰণ’ক বাদ কৰি টে’ট শিক্ষকলৈ সৰ্বশিক্ষা মিছনে কঢ়িয়াই আনিছে বহুতো সু-খবৰ

‘চাকৰি নিয়মীয়াকৰণ’ৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিব প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজে

সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ আৰু সৰ্বশিক্ষা মিছন অভিযানৰ সঞ্চালকৰ সৈতে আজি অৰ্থাৎ বৃহস্পতিবাৰে এক বৈঠক অনুষ্ঠিত হয়।

কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ত অনুষ্ঠিত হোৱা এই বৈঠকে চাকৰি নিয়মীয়াকৰণ বাদ কৰি টে’ট উত্তীৰ্ণ শিক্ষকলৈ বহুতো সু-খবৰ কঢ়িয়াই আনিছে।

শীঘ্ৰেই নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক টে’ট শিক্ষকক গ্ৰেড পে’ অনুসৰি দৰমহা প্ৰদান কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৰ্তমান এইসকল শিক্ষকে ৬,২০০ টকাকৈ গ্ৰেড পে লাভ কৰি আহিছিল।  কিন্তু ইয়াৰ পৰিমাণ ৭,৪০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত।

অহা ডিচেম্বৰ মাহৰ ভিতৰত দৰমহা আঁসোৱাহ নিৰ্মূল সমিতিৰ পৰামৰ্শ অনুযায়ী ৭৪০০ টকাকৈ গ্ৰেড পে লাভ কৰিব নিম্ন প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকে।

তদুপৰি, ঠিকাভিত্তিক শিক্ষকসকলে চিপিএফ ধন কৰ্তনৰ আসোঁৱাহসমূহ দূৰ কৰিবলৈ দীৰ্ঘদিনে কৰি অহা দাবী পূৰণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে সঞ্চালকে। বেচিক পে’ৰ ১২ শতাংশ ধনহে চিপিএফলৈ কৰ্তন হ’ব লাগে বুলি দাবী কৰি আহিছে টেট উত্তীৰ্ণ শিক্ষকসকলে।

ষ্টেটপুল শিক্ষকসকলক সৰ্বশিক্ষা মিছনৰ অধীনলৈ আনি ROP মতে দৰমহা দিয়াৰ ক্ষেত্ৰত মিছনে ইতিবাচক প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি সঞ্চালকে আলোচনা কালত প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ লগতে শিক্ষকসকলে নিজৰ প্ৰাপ্য ছুটী লাভ কৰিবই বুলি সঞ্চালকে শিক্ষক সমাজক জনায়। লগতে টে’ট শিক্ষয়িত্ৰীসকলেও মাতৃত্বকালীন ছুটী লাভ কৰিব।

আনহাতে ঠিকাভিত্তিক টে’ট শিক্ষকে পাবলগীয়া DA আৰু ইয়াৰ বকেয়াসমূহৰ লগতে ৫০ শতাংশ HRAৰ ধন অতি কম দিনৰ ভিতৰত আদায় দিব বুলি সঞ্চালকে শিক্ষকসকলক আলোচনাকালত প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে ঠিকাভিত্তিক শিক্ষকসকলৰ অন্যান্য ভাট্টা যেনে বিশেষভাৱে সক্ষম শিক্ষকৰ বাবে বিশেষ ভাট্টা, দুৰ্গম এলেকাত কৰ্তব্যৰত শিক্ষকৰ বাবে, সেৱা ভাট্টা লাভ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰধান শিক্ষকৰ ৩০০ টকা ভাট্টাৰ ওপৰতো বৈঠকত আলোচনা হয়।

সেইদৰে টে’ট উত্তীৰ্ণ শিক্ষক সকলে মৃত শিক্ষকৰ পৰিয়ালক ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য দিবলৈ কৰা দবীক বিবেচনা কৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি জনাইছে মিছন সঞ্চালকে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই বৈঠকে কঢ়িয়াই অনা সু-খবৰৰ  পিছতে টে’ট শিক্ষকৰ সৰ্বশিক্ষা সঞ্চালকালয় ঘেৰাও আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আন্দোলন ধৰ্ণা অব্যাহত ৰাখিব শিক্ষক সমাজে।