সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে বিশ্বনাথ জিলাতো টেট শিক্ষক সকলে বিভিন্ন সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবীৰে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয় চৌহদৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদী শিক্ষক সকলে ঠিকা ভিত্তিক টেট শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰণ কৰা, বৰ্ধিত হাৰত গ্ৰেড পে আদায়, সপ্তম দৰমহা আয়োগৰ এবছৰৰ বকেয়া আদায় দিয়া, গৃহ ঋণ দিয়াৰ ব্যাৱস্থা কৰা, ঠিকা ভিত্তিক শিক্ষয়িত্ৰীৰ শিশু যত্নৰ ছুটিৰ ব্যৱস্থা কৰা আদি দাবীৰে প্লে-কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে, প্ৰতিবাদী শিক্ষকসকলে বিশ্বনাথৰ জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সমস্যা সমূহ সমাধানৰ দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশ্বনাথৰ টেট উত্তীৰ্ণ শিক্ষক সকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত জিলাখনৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়েও সহযোগ কৰে।
আনহাতে, অসমৰ শিক্ষকসকলৰ দাবী সমূহ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি সমাধানৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।