৪১ হাজাৰ টেট শিক্ষকৰ ৰাজ্যজোৰা আন্দোলন ঘোষণা, বিজেপিক সোঁৱৰালে ‘ভিজন ডকুমেণ্ট’
২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল। বিজেপি শাসনলৈ অহাৰ তিনিটা বছৰ পূৰণ হ’ল, কিন্তু ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নহ’ল। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই টেট উত্তীৰ্ণ শিক্ষক সকলক পুনৰ টেটত বহি তেওঁলোকৰ প্ৰমাণ পত্ৰ নৱীকৰণ কৰিব লাগিব বুলি কৰা মন্তব্যই সৃষ্টি কৰিছে অসন্তুষ্টিৰ।
দেওবাৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিয়ে ভিজন ডকুমেণ্টত দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে। ৰাজ্যৰ প্ৰায় ৪১হাজাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্য্যসূচীও তেওঁলোকে ঘোষণা কৰে।
সেই অনুসৰি ১৮ জুনত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত অহা ২৯ জুনত অসমৰ সকলো টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দিচপুৰ ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সংবাদমেলত জানিবলৈ দিয়ে।
সংগঠনটোৱে বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ আনে।
‘পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেই পৰিৱেশ এখেতে বিনাশ কৰিছে। বৰ্তমান সময়ত আমি যিদৰে ভাঙি পৰিছো তাৰ পৰা কেৱল আমাৰেই ক্ষতি হোৱা নাই বৰঞ্চ কণ কণ শিশুসকলৰো ক্ষতি হৈ আছে। যোৱা কিছুদিনৰ পৰা টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষক সকলে আন্তৰিকতাৰে সুস্থ মগজু লৈ সুস্থ পৰিৱেশত পাঠদান কৰিব পৰা নাই। বাৰে বাৰে ভাবি আছো আমি শেষ হৈ যাম নেকি? শিক্ষা মন্ত্ৰীৰ ক্ষমতা আছে, আজি যদি আমাৰ চাকৰি নাইকিয়া কৰি দিয়ে আমি কৰিম কি?’ সংগঠনটোৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয়।
টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ এক বৃহৎসংখ্যকে বয়সৰ ফালৰ পৰা অন্য চাকৰিৰ যোগ্যতা হেৰুওৱাৰ কথা উল্লেখ কৰি মিৰাজুল ৰচিদে কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে ৰাজপথত আন্দোলন কৰাৰ গত্যন্তৰ নাই।
ইপিনে, যোৱা ১৩ জুনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটা পোনপটীয়া ফোন-ইন অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰক ‘ড্ৰাইভিং লাইচেন্স’ৰ সৈতে তুলনা কৰি ইয়াৰ নৱীকৰণৰ কথা কৈছিল। শিক্ষা মন্ত্ৰীৰ এই কথাক গৰিহণা দিয়ে সংগঠনটোৱে। লগতে কোনো কাৰণতে টেটৰ প্ৰমাণ পত্ৰৰ নৱীকৰণ মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে।
‘প্ৰমাণ পত্ৰসমূহ নৱীকৰণৰ বাবে যদি চৰকাৰৰ কোনো নিয়ম আছে তেনেহ’লে ইয়াৰ অট’ ৰিনিউৱেল কৰক। নতুনকৈ টেট পৰীক্ষা দি ইয়াৰ নৱীকৰণ কৰোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি ইতিমধ্যে শিক্ষক হিচাপে ৭ বছৰ কাম কৰিলো, আমাৰ ৭ বছৰৰ অভিজ্ঞতা হ’লেই। ইয়াৰ উপৰিও চৰকাৰে শিক্ষকৰ চাকৰিৰ নিয়মীয়া কাৰণৰ বাবে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি থাকিবলগীয়া ‘বি এড’ বা ‘ডি এল এড’ৰ শিক্ষাও আমাৰ আছে’, সংবাদমেলত সংগঠনটোৰ আন গৰাকী সাধাৰণ সম্পাদক দীপাৰ্ণৱ ঘোষে কয়।
শিক্ষা মন্ত্ৰীগৰাকীৰ নিজৰ বিভাগটোৰ ওপৰত বা বিভাগটোৰ চাকৰি সংক্ৰান্তীয় থাকিবলগীয়া ধাৰণাৰ অভাৱৰ বাবেই এনেধৰণ তৰল মন্তব্য কৰিছে বুলিও সংবাদমেলখনত সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি ত্ৰৈলোক্য ডেকা আৰু দীপাৰ্ণৱ ঘোষে মন্তব্য কৰে।