• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪১ হাজাৰ টেট শিক্ষকৰ ৰাজ্যজোৰা আন্দোলন ঘোষণা, বিজেপিক সোঁৱৰালে ‘ভিজন ডকুমেণ্ট’

৪১হাজাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্য্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 16, 2019 6:53 pm
Assam TET teachers' forum declares statewide protest

টেট শিক্ষক সমাজৰ দেওবাৰৰ সংবাদমেল। ছবি-- অনিৰ্বাণ পাঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈছিল। বিজেপি শাসনলৈ অহাৰ তিনিটা বছৰ পূৰণ হ’ল, কিন্তু ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নহ’ল। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই টেট উত্তীৰ্ণ শিক্ষক সকলক পুনৰ টেটত বহি তেওঁলোকৰ প্ৰমাণ পত্ৰ নৱীকৰণ কৰিব লাগিব বুলি কৰা মন্তব্যই সৃষ্টি কৰিছে অসন্তুষ্টিৰ।

দেওবাৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপিয়ে ভিজন ডকুমেণ্টত দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিয়ে।  ৰাজ্যৰ প্ৰায় ৪১হাজাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্য্যসূচীও তেওঁলোকে ঘোষণা কৰে।

Apply Now

সেই অনুসৰি ১৮ জুনত ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। ইয়াৰ পৰৱৰ্তী সময়ত অহা ২৯ জুনত অসমৰ সকলো টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দিচপুৰ ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সংবাদমেলত জানিবলৈ দিয়ে।

সংগঠনটোৱে বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ আনে।

‘পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেই পৰিৱেশ এখেতে বিনাশ কৰিছে। বৰ্তমান সময়ত আমি যিদৰে ভাঙি পৰিছো তাৰ পৰা কেৱল আমাৰেই ক্ষতি হোৱা নাই বৰঞ্চ কণ কণ শিশুসকলৰো ক্ষতি হৈ আছে। যোৱা কিছুদিনৰ পৰা টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষক সকলে  আন্তৰিকতাৰে সুস্থ মগজু লৈ সুস্থ পৰিৱেশত পাঠদান কৰিব পৰা নাই। বাৰে বাৰে ভাবি আছো আমি শেষ হৈ যাম নেকি? শিক্ষা মন্ত্ৰীৰ ক্ষমতা আছে, আজি যদি আমাৰ চাকৰি নাইকিয়া কৰি দিয়ে আমি কৰিম কি?’ সংগঠনটোৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয়।

টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ এক বৃহৎসংখ্যকে বয়সৰ ফালৰ পৰা অন্য চাকৰিৰ যোগ্যতা হেৰুওৱাৰ কথা উল্লেখ কৰি মিৰাজুল ৰচিদে কয় যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে ৰাজপথত আন্দোলন কৰাৰ গত্যন্তৰ নাই।

ইপিনে, যোৱা ১৩ জুনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটা পোনপটীয়া ফোন-ইন অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰক ‘ড্ৰাইভিং লাইচেন্স’ৰ সৈতে তুলনা কৰি ইয়াৰ নৱীকৰণৰ কথা কৈছিল। শিক্ষা মন্ত্ৰীৰ এই কথাক গৰিহণা দিয়ে সংগঠনটোৱে। লগতে কোনো কাৰণতে টেটৰ প্ৰমাণ পত্ৰৰ নৱীকৰণ মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে।

‘প্ৰমাণ পত্ৰসমূহ নৱীকৰণৰ বাবে যদি চৰকাৰৰ কোনো নিয়ম আছে তেনেহ’লে ইয়াৰ অট’ ৰিনিউৱেল কৰক। নতুনকৈ টেট পৰীক্ষা দি ইয়াৰ নৱীকৰণ কৰোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আমি ইতিমধ্যে শিক্ষক হিচাপে ৭ বছৰ কাম কৰিলো, আমাৰ ৭ বছৰৰ অভিজ্ঞতা হ’লেই। ইয়াৰ উপৰিও চৰকাৰে শিক্ষকৰ চাকৰিৰ নিয়মীয়া কাৰণৰ বাবে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি থাকিবলগীয়া ‘বি এড’ বা ‘ডি এল এড’ৰ শিক্ষাও আমাৰ আছে’, সংবাদমেলত সংগঠনটোৰ আন গৰাকী সাধাৰণ সম্পাদক দীপাৰ্ণৱ ঘোষে কয়।

শিক্ষা মন্ত্ৰীগৰাকীৰ নিজৰ বিভাগটোৰ ওপৰত বা বিভাগটোৰ চাকৰি সংক্ৰান্তীয় থাকিবলগীয়া  ধাৰণাৰ অভাৱৰ বাবেই এনেধৰণ তৰল মন্তব্য কৰিছে বুলিও সংবাদমেলখনত সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি ত্ৰৈলোক্য ডেকা আৰু দীপাৰ্ণৱ ঘোষে মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd