NORTHEAST NOW (Assamese)

উফ্! ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পৰিব অসমবাসী! ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ ‘চিত্ৰাং’

October 25, 2022 6:54 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰমশঃ শাম কাটিছে ঘূৰ্ণী বতাহ চিত্ৰাং। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সোমবাৰে জাননী যোগে জাৰি কৰে এই তথ্য। দেওবাৰে বঙ্গোপসাগৰৰ পৰা বাংলাদেশৰ বাৰিষাল উপকূল হৈ উত্তৰ আাৰু উত্তৰ-পূব দিশে বলিছিল এই ভয়াৱহ ঘূৰ্ণী বতাহ।

আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি দেওবাৰে ২১.৩০ ৰ পৰা ২৩.৩০ ৰ ভিতৰত ঘন্টাত ৮০ ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ সৰ্বাধিক গতিবেগত বলিছিল বতাহ। এই চৰকাৰী জাননীখনৰ মতে পৰৱৰ্তী ছয় ঘন্টাৰ ভিতৰত এই বতাহৰ চাপ উত্তৰ-পূব ফাললৈ আহি আহি ক্ৰমশঃ কমি আহিব বুলি জানিব পৰা গৈছে।

লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰালয়ে সতৰ্কতা জাৰি কৰিছে যে বাংলাদেশকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰৱৰ্তী ১২ ঘন্টালৈকে ২৫ ৰ পৰা ৪৫ কিলোমিটাৰ প্ৰতিঘন্টাত বতাহ বলি থকাৰ লগতে বৃষ্টিপাত হৈ থকাৰ সম্ভাৱনা আছে।

দেওবাৰে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা উত্তৰ-পূব ভাৰতৰ তিনিখন ৰাজ্য ক্ৰমে অসম, মেঘালয় আৰু ত্ৰিপুৰাত ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে বাকী চাৰি ৰাজ্য নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মিজোৰামত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল।

 

উত্তৰ পূৰ্বাঞ্চলত চিত্ৰাঙৰ আংশিক প্ৰভাৱৰ বিপৰীতে বিগত সময়ত বাংলাদেশত বিস্তৰভাবে ধন-জন ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে বাংলাদেশৰ বিভিন্ন জিলাত প্ৰায় ২ লাখৰো অধিক লোক চিত্ৰাঙৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৯ গৰাকী লোকৰ প্ৰাণ গৈছে। এই ৯ গৰাকী মৃত ব্যক্তিৰ ভিতৰত আছে ছানজিদ আফ্রিদি নামৰ এটি ১১ মহীয়া শিশুও।

ইফালে ইয়াৰ প্ৰভাৱত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত মজলীয়া পৰিমাণৰ বৰষুণ হোৱাৰ লগতে ঠাই বিশেষে মধ্যমীয়া ধুমুহাৰ সৃষ্টি হৈছিল যদিও কোনো লোক হতাহত হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই।

Related News