NORTHEAST NOW (Assamese)

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

May 14, 2025 5:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 14, 2025 5:56 pm

অসম চৰকাৰে ঘোষণা কৰিছে যে ১৫ আগষ্টৰ পৰা ১০খন নতুন সহ-জিলা কাৰ্যকৰী হ’ব। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা অধিসূচনা (নং ৩৭৫০৩৭/৪৯৬) অনুসৰি, অসমৰ মাননীয় ৰাজ্যপালৰ নিৰ্দেশমৰ্মে এই নতুন সহ-জিলাসমূহ কাৰ্যকৰী হ’ব। এই নতুন প্ৰশাসনিক ইউনিটসমূহ ৰাজ্যত ইতিমধ্যে কাৰ্যকৰী হৈ থকা ৩৯খন সহ-জিলাৰ সৈতে যোগ হ’ব।

চৰকাৰ বিবৃতিত কোৱা হৈছে, “জনসেৱাৰ স্বাৰ্থত অসমৰ মাননীয় ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি, ইতিমধ্যে কাৰ্যকৰী হৈ থকা ৩৯খন সহ-জিলাৰ উপৰিও, ১৫ আগষ্ট, ২০২৫ৰ পৰা আৰু ১০খন নতুন সহ-জিলা কাৰ্যকৰী হ’ব। প্ৰশাসনিক সেৱাৰ দক্ষতা বৃদ্ধি আৰু জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰিছে।

অসমত শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ আৰু বিভাগসমূহৰ মাজত সমন্বয় উন্নত কৰাৰ উদ্দেশ্যে যোৱা বছৰ সহ-জিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এই নতুন সহ-জিলাসমূহৰ প্ৰৱৰ্তনে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক আৰু শক্তিশালী কৰি জনসাধাৰণৰ সেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Related News