• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২২ জুনৰ পৰা কামাখ্যাত মহা অম্বুবাচী, ব্যাপক প্ৰস্তুতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 12, 2019 7:01 pm
12-06-19 Guwahati- Jayanta Malla Baruah Assam tourism development corporation gears up for Kamakhya Ambubachi

বুধবাৰে জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল। ছবি-- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা। অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা দেৱোত্তৰৰ অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতি এতিয়া পূৰ্ণোদ্যমে চলিছে। এইবাৰ মেলা উপলক্ষে ভক্তৰ সংখ্যাও প্ৰায় ২০ শতাংশ বৃদ্ধি পাব বুলি ধাৰণা কৰিছে অসম পৰ্য্যটন উন্নয়ন নিগমে।

বুধবাৰে গুৱাহাটীস্থ নিগমৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি মেলাৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ দিয়ে অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই।

বৰুৱাই জানিবলৈ দিয়া মতে এইবাৰ অম্বুবাসী মেলাত যোৱাবাৰতকৈ ভক্তৰ আগমনৰ সংখ্য যথেষ্ঠখিনি বৃদ্ধি পাব। যোৱাবাৰ প্ৰায় ২০ লাখ ভক্তই কামাখ্যা ধামত সমাগম কৰিছিল আৰু এইবাৰ এই সংখ্যা ২৫ লাখলৈ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে।

উত্তৰ-পূবৰ লগতে দেশ-বিদেশৰ পৰা অহা ভক্তসকল থকাৰ বাবে পৰ্য্যটন উন্নয়ন নিগমে চাৰিটা স্থানত শিবিৰ সাজু কৰা বুলি বৰুৱাই জানিবলৈ দিয়ে। সেই স্থানকেইটা ক্ৰমে ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদ, বৰিপাৰা, পাণ্ডু ষ্টে’চন আৰু নাহৰবাৰী। পূৰ্বতকৈ এইবাৰ শিবিৰৰ সংখ্যা হ্ৰাস কৰা হৈছে কিন্তু একোটা শিবিৰত অধিক লোক থাকিব পৰা ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

২১ জুনৰ বিয়লি ৪ বজাত ভৰলুমুখৰ সোণাৰাম খেলপথাৰত অম্বুবাচী মেলাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থাকিব। সেইদিনাই সন্ধিয়া তাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বলিউদৰ জনপ্ৰিয় শিল্পী কৈলাশ খেৰ উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।

অম্বুবাচী মেলা উপলক্ষে কামাখ্যা জংচনত এটা তথ্য কেন্দ্ৰ স্থাপন কৰাৰ কথাও অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। একেদৰে মেলাৰ প্ৰচাৰৰ বাবে নতুন দিল্লী আৰু ক’লকাতাৰ বিমান বন্দৰতো হ’ৰ্ডিং আৰু ডিজিটেল স্ক্ৰীনিঙৰ ব্যৱস্থা কৰা বুলি তেওঁ প্ৰকাশ কৰে। দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্য চহৰসমূহত মেলাৰ প্ৰচাৰৰ বাবে হ’ৰ্ডিং অঁৰাৰ উপৰিও কেইবাটাও আঞ্চলিক ভাষাৰ টেলিভিজন আৰু ৰেডিঅ’ চেনেলত বিজ্ঞাপন প্ৰকাশ কৰা বুলিও জয়ন্তমল্ল বৰুৱাই কয়।

ভক্তৰ অধিক হাৰত হোৱা ভিৰৰ বাবে কামাখ্যা ধামলৈ মেলাৰ দিনকেইটাত যান-বাহনৰ চলাচল প্ৰশাসনে নিষিদ্ধ কৰিছে। অৱশ্যে প্ৰতিবন্ধী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ্ৰ-ছাত্ৰীৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাহনসমূহ চলাচল কৰিব বুলি অসম পৰ্য্যটন উন্নয়ন নিগমে জানিবলৈ দিয়ে।

নিগমে লগতে কামাখ্যালৈ গাড়ী যোৱা পথৰ উপৰিও, মেখেলা উজোৱা পথকে ধৰি মুঠ চাৰিটা পথেৰে ভক্তসকলে খোজকাঢ়ি ওপৰলৈ যাব পাৰিব বুলিও প্ৰকাশ কৰে। আটাইকেইটা পথতে খোৱাপানী আৰু জোতা-চেণ্ডেল ৰখাৰ লগতে পৰ্য্যাপ্ত পোহৰৰ ব্যৱস্থা থাকিব বুলিও কয়।

অম্বুবাচী মেলাৰ বাবে আৰক্ষী প্ৰশাসনে নিৰাপত্তাৰ দিশটো চোৱাৰ লগতে জনস্বাস্থ্য কাৰিকৰী, গড়কাপ্তানী বিভাগ পৌৰ নিগম আদিকে সংশ্লিষ্ট বিভাগসমূহ সাজু হোৱা বুলিও নিগমৰ অধ্যক্ষগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে। মেলাৰ দিনকেইটাৰ বাবে অসম চৰকাৰে বেনাৰস আৰু ক’লকাতাৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগক অনুৰোধ জনোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

মেলাৰ সময়ত শক্তিপীঠলৈ অহা ভক্তই উমানন্দ দৰ্শন কৰাৰ বাবে সোণেশ্বৰ খেলপথাৰৰ সমীপৰ পৰা অভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিশেষ ফে’ৰিৰ ব্যৱস্থা কৰিব বুলিও জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd