ডিমৌ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ শিৱসাগৰত উপস্থিত পৰিবহন আয়ুক্ত বিৰেন্দ্ৰ মিট্টল

সোমবাৰে শিৱসাগৰৰ ডিমৌত ৯ গৰাকীকৈ লোকৰ মৃত্যু হোৱা আল্ট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত সংঘটিত শোকাৱহ পথ-দুৰ্ঘটনাৰ তদন্তৰ বাবে আজি শিৱসাগৰত উপস্থিত হয় পৰিবহন আয়ুক্ত বিৰেন্দ্ৰ মিট্টল।

উল্লেখযোগ্য যে ৯ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ জনতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ তদন্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ পৰিবহন আয়ুক্ত গৰাকীক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্দেশ দিছিল।

শিৱসাগৰত উপস্থিত হোৱাৰ পিছতে জিলা উপায়ুক্ত এচ লক্ষ্মণন আৰু জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগত মিট্টলে পথ দুৰ্ঘটনা হোৱা স্থানৰ পৰিদৰ্শন কৰে আৰু ডিমৌ থানত ৰখাই থোৱা দুয়োখন গাড়ী পৰীক্ষা কৰে।

তেওঁ কয়, ‘কালি সংঘটিত দুৰ্ঘটনাত আঘাত পোৱা ডিমৌৰ ৰাইচাই অঞ্চলৰ এজন ব্যক্তিয়ে জনোৱা মতে অত্যাধিক গতিবেগৰ লগতে ড্ৰাইভাৰ জনে ফোনত কথা পাতি থকাৰ বাবে এই ঘটনা সংঘটিত হল। লগতে পুৱা বৰষুণ দি থকাৰ বাবে ৰাস্তা পিছল হৈ আছিল’।

তেওঁ আৰু কয়, ‘আমি অন্য ঘটনাৰ তদন্ত কৰি আছো, তদন্তৰ পিছত গম পোৱা যাব কি কাৰণত ইমান এটা ভয়ংকৰ দুৰ্ঘটনা হ’বলৈ পালে’।

উল্লেখযোগ্য যে ডিমৌ অঞ্চলত এন এচ আই ডি চি এলৰ চাৰিলেন পথৰ কাম কাজ চলি আছে, তেওঁলোকৰ কামৰ ওপৰতো নজৰ দিয়া হ’ব বুলি মন্তব্য কৰে পৰিবহন আয়ুক্ত গৰাকীয়ে।

তেওঁ শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ পৰিবহন সন্থা বিলাকৰ লগত আলোচনা বহি সোমবাৰৰ পৰা চৰকাৰে বলবৎ কৰা নতুন পৰিবহন নিয়ম সকলোৱে মানি চলিবলৈ আহ্বান জনায়।