২০০৬ চনৰ পূৰ্বে স্থাপিত স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

TMC Assam

অসমত থকা ২৬৫৯ খন প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষানুষ্ঠানক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভৱিষ্যতে প্ৰ্ৰাদেশিকীকৰণ কৰা নহ’ব বুলি লোৱা সিদ্ধান্তক গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছে।

ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰা বিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ নকৰি ব্যক্তিগত খণ্ডক বিদ্যালয় খুলিবলৈ চৰকাৰী নীতি সমূহৰ দ্বাৰা উদগনি দিয়া হৈছে বুলি অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছে।

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু এতিয়া চৰকাৰে এই প্ৰতিশ্ৰুতি পাহৰি মূৰ পোলোকা মাৰি সাধাৰণ ছাত্ৰ-ছাত্ৰী তথা শিক্ষা বিৰোধী অৱস্থান লোৱাহে দেখা গৈছে বুলি দিলীপ কুমাৰ শৰ্মাই অভিযোগ কৰে।

সকলো বিষয়তে জনবিৰোধী নীতি অৱলম্বন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে এই প্ৰাদেশিকীকৰণ নোহোৱা বিদ্যালয়ৰ ২৩৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ জীৱন ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণত গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে তৃণমূল নেতা গৰাকীয়ে৷

“এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছে চৰকাৰক এই বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দাবী উত্থাপন কৰিছে৷ আনকি বিনা বেতনে কাম কৰি অৱসৰ লবলগীয়া হৈছে কেইবাগৰাকীও শিক্ষকে৷ প্ৰাদেশিকীকৰণ নকৰাৰ বাবেই তিনিশতকৈও অধিক শিক্ষকে আত্মহত্যা কৰা বুলিও শিক্ষক সংস্থাসমূহে অভিযোগ কৰি আহিছে।”- শৰ্মাই কয়।

২০০৬ চনৰ আগত স্থাপিত আৰু চৰকাৰী অনুমোদিত-স্বীকৃতি প্ৰাপ্ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ আইনৰ আওতাত আনিব লাগে বুলি অসম তৃণমূল কংগ্ৰেছে দাবী উত্থাপন কৰে৷

দিলীপ শৰ্মাই কয় যে, “অসমত এতিয়াও গাঁও অনুপাতে বা জনসংখ্যা অনুসৰি হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয় কম। তেনেস্থলত যদি চৰকাৰে ২৬৫৯ খন বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰোঁ বুলি সিদ্ধান্ত লৈ বিদ্যালয়সমূহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, তেনেহ’লে অসমৰ শিক্ষা জগতত কেনে প্ৰভাব পৰিব সেয়া অসমৰ নাগৰিকে চিন্তা কৰিবৰ হ’ল।”

তৃণমূলনেতা গৰাকীৰ অভিযোগ মতে ‘A For Assam’ বুলি কোৱাৰ সময় আহিব বুলি সপোন দেখুওৱা বিজেপিৰ শাসনত অসমত দেশৰ ভিতৰতে লক্ষণীয় ভাৱে ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ-আউটৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে।

ৰাজ্য চৰকাৰৰ অকামিলা শিক্ষা নীতিৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে প্ৰথম স্থান দখল কৰি শিক্ষাক সাধাৰণ জনগণৰ পৰা দূৰত লৈ যাব ধৰিছে বুলিও শৰ্মাই অভিযোগ কৰে।

এনে প্ৰেক্ষাপটত চৰকাৰৰ এই নীতি সংশোধন কৰি সমূহ প্ৰাদেশিকীকৰণ কৰিব লগীয়া শিক্ষানুষ্ঠানক প্ৰাদেশিকীকৰণ কৰি অসমৰ সাধাৰণ জনতাৰ পক্ষত চৰকাৰক সিদ্ধান্ত ল’বলৈ দাবী উত্থাপন কৰিছে দলটোৱে।