আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : কোন কোন মহাৰথীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৯ লাখ ভোটাৰে?

index.jpg3

১২৬ খন আসনবিশিষ্ট অসম বিধানসভা নিৰ্বাচন ২০২১ৰ আজি ৬ এপ্ৰলিত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যয়াৰ ভোটগ্ৰহণ।

তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৭৯,১৯,৬৪১ গৰাকী বৈধ ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰ আছে ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ল গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

তৃতীয় পৰ্যায় ভোটগ্ৰহণত ২,৬০০ চাৰ্ভিছ ভোটাৰে ভোটদান কৰিছে।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ৩৩৭ গৰাকী প্ৰাৰ্থী মাজত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ ২৫ গৰাকী।

দিছপুৰ সমষ্টি হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আটাইতকৈ বৃহৎ সমষ্টি। সমষ্টিটোত ৬০৭ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৪,১১,৬৩৬ ভোটাৰে। স্মৰ্তব্য যে এই দিছপুৰ বিধানসভা সমষ্টিটোৱেই হৈছে ৰাজ্যখনৰ সৰ্ববৃহৎ বিধানসভা সমষ্টি।

ইফালে এই পৰ্যায়ৰ ক্ষুদ্ৰতম সমষ্টিটো হৈছে চাপাগুৰি। বাক্সা জিলাৰ এই সমষ্টিটোৰ ভোটাৰৰ সংখ্যা ১,৫৯,২৫৭ আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে ২৩৬ টা।

অন্তিম পৰ্যায়ৰ ৪০ টা সমষ্টিৰ ভিতৰত ৬ টা সমষ্টি অনুসূচীত জনজাতি আৰু দুটা সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। ইয়াৰে অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৩ টা সমষ্টি হৈছে বিটিআৰৰ।

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

তেওঁলোকৰ ভিতৰত জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পূব গুৱাহাটী সমষ্টিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কোকৰাঝাৰ পূব সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্ম, পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ছয়গাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, চাপাগুৰী সমষ্টিত উৰ্খাও গৌড়া ব্ৰহ্ম আদি অন্যতম।