নৰ্থ ইষ্ট গেমছ ২০২৪ : প্ৰথমটো দিনতে অসমৰ খেলুৱৈয়ে আজুৰি আনিলে ১৯ টা পদক

আজিৰে পৰা নাগালেণ্ডত আৰম্ভ হৈছে ‘নৰ্থ ইষ্ট গেমছ ২০২৪’। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বিভিন্ন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে এই ক্ৰীড়ানুষ্ঠানত। 

উল্লেখ্য যে নৰ্থইষ্ট গেমছৰ প্ৰথমটো দিনতেই অসমৰ খেলুৱৈ সকলে ১৯ টাকৈ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

প্ৰথম দিনা আৰম্ভ হোৱা এথলেটিকছ ইভেণ্টত অসমৰ খেলুৱৈসকলে মুঠ ৭টা পদক লাভ কৰিছে। ইয়াৰে চাৰিটা পদকেই সোণৰ পদক। 

৪ মিনিট ৫২ ছেকেণ্ডত ১৫০০ মিটাৰ দৌৰত জয়লাভ কৰি পাহি কেওটে কঢ়িয়াই আনে প্ৰথমটো পদক।

ইয়াৰ পিছতে ৰিম্পি বুঢ়াগোহাঁইয়ে ১২.১১ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন কৰে। 

৪ ৪×৪০০ মিটাৰ ৰিলে মিনিট ৫.৫৭ ছেকেণ্ডত সম্পূৰ্ণ কৰি জয় লাভ কৰে অসমৰ পৰা যোৱা দলটোৱে।

ইফালে ডিস্কছ থ্ৰ’ত মমতা দলেই ৩০.৭৮ মিটাৰ থ্ৰ’ৰে সোণৰ পদক আৰু পুৰুষৰ ডিস্কছ থ্ৰ’ত মাধুৰ্য্য আৰান্ধৰাই ৪১.৪০ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে।

ধনুৰ্বিদ্যাতো অসমৰ ধনুৰ্বিদসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। মুকেশ বড়োৱে পুৰুষৰ ৭০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে সোণালী বসুমতাৰীয়ে মহিলাৰ ৭০ মিটাৰত ৰূপৰ পদক লাভ কৰে।

কম্পাউণ্ড পুৰুষৰ ৫০ মিটাৰ দৌৰত অৰ্ণৱ জ্যোতি ডেকাই ৰূপৰ পদক লাভ কৰে। আনহাতেপেনচাক চিলাটত অসমৰ দলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি ৭টা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে।

টেনিছ ক’ৰ্টত অসমৰ পুৰুষ আৰু মহিলা দলে নাগালেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে।

টেবুল টেনিছত অসম মহিলা দলে লীগৰ প্ৰথমখন খেলত ছিকিমক ৩-০ গ’লত পৰাস্ত কৰি আগুৱাই যায়। ইফালে পুৰুষৰ দলটোৱে যোৱা বছৰৰ চেম্পিয়ন মিজোৰামক ৩-২ গ’লত পৰাস্ত কৰে।

অসম বেডমিণ্টন পুৰুষৰ দলটোৱে মেঘালয়ক ৩-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত স্থান দখল কৰে। ভলীবল দলটোৱেও ছিকিমক ৩-০ গ’লত পৰাস্ত কৰি আগুৱাই যায়।

উলেখ্য যে সোমবাৰৰ পৰা আৰম্ভ হোৱা নৰ্থ ইষ্ট গেমছৰ তৃতীয় সংস্কৰণৰ অন্ত পৰিব অহা শনিবাৰে ।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মাজত ঐক্য আৰু সংহতি গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপেও এই গেমছৰ গুৰুত্ব আছে।