NORTHEAST NOW (Assamese)

যৌতুকজনিত কাৰণত ৰহস্যজনকভাবে মৃত্যু অসমৰ মহিলাৰ

June 29, 2023 7:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 28, 2023 8:41 pm

বুধবাৰে মানকাচৰত স্বামীগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। ভূৰাকাটা গাঁৱত অৱস্থিত নিজা বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীক ছাবুৰা খাতুন বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে মহিলাগৰাকীক যৌতুকৰ বাবে হত্যা কৰা হৈছে।

তেওঁলোকে দাবী কৰা মতে, মহিলাগৰাকীৰ স্বামীয়ে দীৰ্ঘদিন ধৰি যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল।

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

মৃত মহিলাগৰাকীৰ স্বামীক এতিয়াও জিম্মাত লোৱা হোৱা নাই।

চলিত বৰ্ষৰ আৰম্ভণিতে লখিমপুৰ জিলাত যৌতুক সম্পৰ্কীয় বিষয়ক লৈ এগৰাকী বিবাহিতা মহিলাক শহুৰেকে গছত বান্ধি শাৰীৰিক নিৰ্যাতন চলাইছিল।

খবৰ অনুসৰি, ২০২০ চনত বিয়াৰ সময়ৰ পৰাই স্বামী আৰু শহুৰেকে পৰিয়ালৰ পৰা যৌতুক দাবী কৰি আহিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাউলধোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও পিছত দুয়োটা পক্ষৰ মাজত বিষয়টো নিষ্পত্তি হয়।

দুৰ্ভাগ্যজনকভাৱে স্বামীৰ পৰিয়ালে পুনৰ মহিলাগৰাকীৰ ওপৰত শাৰীৰিক হিংসাৰ আশ্ৰয় লয়।

ইয়াৰ পিছতে ভুক্তভোগী মহিলাগৰাকীয়ে ধেমাজি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ন্যায় বিচাৰি অভিযোগ দাখিল কৰে। স্বামীকে ধৰি শহুৰেকৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে অপৰাধমূলক গোচৰ ৰুজু কৰে।

Related News