NORTHEAST NOW (Assamese)

এভাৰেষ্টৰ বুকুত উজলি উঠিল লখিমপুৰৰ ৰূপামণি: আইটিবিপিৰ অভিযানত অসম কন্যাৰ বিৰল সাফল্য

May 23, 2026 9:21 pm · এন ই নাও নিউজ, গুৱাহাটী

অদম্য ইচ্ছাশক্তি আৰু একাগ্ৰতা থাকিলে যে সকলো প্ৰত্যাহ্বান নেওচি লক্ষ্যস্থানত উপনীত হ’ব পাৰি, তাকেই প্ৰমাণ কৰি পৃথিৱীৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্ট জয় কৰিলে লখিমপুৰৰ এগৰাকী যুৱতীয়ে। শুকুৰবাৰে পুৱা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) এক পৰ্বতাৰোহণ অভিযানৰ অংশ হিচাপে ১৪ জনীয়া দলটোৰ ভিতৰত প্ৰথমগৰাকী আৰোহণকাৰী হিচাপে এভাৰেষ্টৰ শিখৰত ভৰি থৈ ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হয় ৰূপামণি গড়ে। লখিমপুৰৰ এক সাধাৰণ কৃষক পৰিয়ালৰ এইগৰাকী যুৱতীৰ অভূতপূৰ্ব সাফল্যই সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে।

লখিমপুৰ নগৰৰ সমীপৱৰ্তী কদম অঞ্চলৰ ন-গাঁও পথাৰ নিবাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ দ্বিতীয়গৰাকী কন্যা ৰূপামণি ২০২০ চনত আইটিবিপিত যোগদান কৰিছিল। বৰ্তমান হাৰিয়ানাত কৰ্মৰত ৰূপামণিয়ে আইটিবিপিৰ তৰফৰ পৰা আয়োজন কৰা এই বিশেষ পৰ্বতাৰোহণ অভিযানৰ বাবে নিৰ্বাচিত হৈছিল। কঠোৰ প্ৰশিক্ষণ আৰু প্ৰস্তুতিৰ অন্তত নেপালৰ মাজেৰে এভাৰেষ্ট অভিমুখে যাত্ৰা কৰা দলটোৱে অৱশেষত শুকুৰবাৰে পুৱা লক্ষ্যস্থানত উপনীত হয়। জানিব পৰা মতে, শিখৰত সফলতাৰে আৰোহণ কৰাৰ পাছত দলটোৱে নিৰাপদে বেছ কেম্পলৈ নামি আহে আৰু তাৰ পৰাই ৰূপামণিয়ে নিজৰ পিতৃ-মাতৃক এই আনন্দৰ বতৰা প্ৰদান কৰে। সীমিত সামৰ্থ্যৰে খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃৰ বাবে কন্যাৰ এই সাফল্য সঁচাকৈয়ে এক আৱেগিক আৰু গৌৰৱোজ্জ্বল মুহূৰ্ত হিচাপে পৰিগণিত হৈছে।

বৰ্তমান ৰূপামণি আৰু তেওঁৰ সতীৰ্থসকল বেছ কেম্পত নিৰাপদে অৱস্থান কৰিছে আৰু পৰৱৰ্তী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোক নিজ নিজ কৰ্মস্থানলৈ উভতি আহিব বুলি জানিব পৰা গৈছে। লখিমপুৰৰ জীয়ৰীগৰাকীৰ এই সফলতাই প্ৰমাণ কৰিছে যে মনৰ অদম্য শক্তি থাকিলে কোনো কাৰকতেই মানুহৰ সপোন বাস্তৱায়িত হোৱাত হেঙাৰ হ’ব নোৱাৰে।

Related News