অসমৰ জীয়ৰী-বোৱাৰী আৰু কংগ্ৰেছৰ আমোলত চাকৰি লাভ কৰা মহিলা কৰ্মচাৰীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক আৰু অশালীন মন্তব্য কৰাতো অতি গৰ্হিত আৰু ধিক্কাৰযোগ্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি এক সংবাদমেলত কয় যে কংগ্ৰেছৰ ১৫ বছৰীয়া আমোলত চাকৰি লাভ কৰা প্ৰাৰ্থীসকল এতিয়া কাৰোবাৰ বোৱাৰী, কাৰোবাৰ মাতৃ আৰু কাৰোবাৰ আদৰৰ পত্নী। এই মহিলা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে যি অপমানসূচক মন্তব্য কৰিছে সেই কথাই মুখ্যমন্ত্ৰীৰ আসনখন কলংকিত কৰাৰ লগতে অসমৰ আই-মাতৃসকলকো অপমানিত কৰিছে।
কংগ্ৰেছৰ আমোলত চাকৰি লাভ কৰা সুদক্ষ চিকিৎসক, অভিযন্তা, বিশ্ববিদ্যালয়ৰ অধ্যাপক, মহাবিদ্যালয়ৰ প্ৰবক্তা, ধাত্ৰী, অংগনৱাড়ী কৰ্মী, শিক্ষয়িত্ৰী আদি সকলোকে একাকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো এখন প্ৰতিবেদনৰ দোহাই দি সকলোকে এনেদৰে ৰাজহুৱাভাৱে তাচ্ছিল্য কৰাতো নাৰী নিৰ্যাতনৰ সীমা চেৰাই গৈছে আৰু এয়া অসমৰ মহিলা কৰ্মচাৰীসকলৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ এক বিৰাট ষড়যন্ত্ৰ।
বৰাই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘চেলেপু’ অভিধা ইতিমধ্যে দি থৈছে যদিও শেহতীয়া বক্তব্যই মুখ্যমন্ত্ৰীজন যে এজন কুৰুচিসম্পন্ন এজন লোক সেই কথাকেই প্ৰমাণ কৰিলে। তেওঁৰ মনৰ ভিতৰত যে অত্যন্ত জঘন্য আৰু কুৎসিত কথা ভাবি থাকে সেই কথা প্ৰমাণিত কৰি এখন ৰাজহুৱা সভাত অসমৰ মহিলা কৰ্মচাৰীসকলক বেয়া চকুৰে চাইছে। এনেধৰণৰ ঘটনা পূৰ্বতে কেতিয়াও ঘটা নাছিল। এইজন মুখ্যমন্ত্ৰীৰ পৰা অসমৰ নতুন প্ৰজন্মৰ লোকে কি কথা শিকিব বুলিও তেওঁ কয়। ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছ আদালতৰ দ্বাৰস্থ হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে আৰু এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশ জাৰি কৰা বুলিও উল্লেখ কৰে।