NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি মৰিগাঁৱৰ যুৱকজন? কি ক’লে চিকিৎসকে?

February 2, 2020 6:05 pm · কল্পজ্যোতি শইকীয়া
GMCHৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰ

আজি পুৱাৰ ভাগত অসমৰ সংবাদ মাধ্যমত মৰিগাঁৱৰ এজন ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা বুলি এক বাতৰি প্ৰচাৰিত হৈছিল। কিন্তু প্ৰকৃততে ব্যক্তিজন ক’ৰ’না ভাইৰাচত আক্ৰান্ত হৈছে নেকি? তাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰে।

‘মাছফুৰ আলম নামৰ ২৪ বছৰীয়া যুৱক এজনৰ জ্বৰ আৰু কাঁহ হৈ আছিল। সেইবাবে তেওঁ কেৰেলাৰ পৰা অসমলৈ গুচি আহিছিল। কালি বিমান বন্দৰত চিকিৎসকে পৰীক্ষা কৰোতেও ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা নাছিল। অধিক পৰীক্ষা নীৰিক্ষাৰ বাবেহে GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি কাগজত লিখা আছিল।‘ ৰমেন তালুকদাৰে কয়।

তেওঁ লগতে জনায় যে  চিকিৎসক অৰূপ শৰ্মাকে ধৰি অন্য বহু চিকিৎসকে GMCHত যুৱকজনক পৰীক্ষা নিৰীক্ষা কৰে।

‘পৰীক্ষা কৰাৰ পাছত দেখিবলৈ পাইছে যে কেৰেলাৰ পৰা অহাৰ সময়ত শৰীৰত জ্বৰৰ উত্তাপ নাছিল। লগতে তেওঁৰ শৰীৰত ঘামচিৰ দৰে কিছুমান ফোঁহা পোৱা গৈছিল। প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষা তাৎক্ষণিকভাৱে কৰা হৈছিল। এক্সৰেতো ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা নাই। যুৱকজনৰ ৰক্ত পৰীক্ষা কৰা হৈছে। গোটেইখিনি পৰীক্ষা কৰোৱাৰ পাছত ভাইৰেল ফিভাৰ হোৱা বুলি চিকিৎসকে কৈছে।‘ তালুকদাৰে লগতে জনায়।

তালুকদাৰে জনোৱা মতে লোকজনৰ দেহত ক’ৰ’না ভাইৰাইচ আছে নে নাই তাক পৰীক্ষা কৰিবলৈ তেওঁৰ ‘ফ্লুইড চেম্প’ল’ সংগ্ৰহ কৰি পুনেৰ লেবৰটেৰীলৈ পঠিওৱা হৈছে।

তেওঁ কয় ‘সেই ৰিপৰ্টটো অহাৰ পাছতহে গম পোৱা যাব প্ৰকৃততে ক’ৰ’না ভাইৰাচ হৈছে নে নাই। লেবৰটেৰীৰ পৰা প্ৰতিবেদন অহাৰ পাছত তেওঁক ঘৰলৈ পঠিওৱাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্যক্তিগৰাকীক হাস্পাতলৰ এক আছুতীয়া ৱাৰ্ডত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ভাৰতৰ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশিত তথ্যৰ পাছতে ভাৰতীয় বিমান প্ৰাধিকৰণে অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ক’ৰ’না ভাইৰাছ পৰীক্ষণ শিৱিৰ মুকলি কৰিছিল।

Related News