• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি মৰিগাঁৱৰ যুৱকজন? কি ক’লে চিকিৎসকে?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 2, 2020 6:05 pm

2 min read

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি মৰিগাঁৱৰ যুৱকজন? কি ক’লে চিকিৎসকে?

GMCHৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰ ভাগত অসমৰ সংবাদ মাধ্যমত মৰিগাঁৱৰ এজন ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা বুলি এক বাতৰি প্ৰচাৰিত হৈছিল। কিন্তু প্ৰকৃততে ব্যক্তিজন ক’ৰ’না ভাইৰাচত আক্ৰান্ত হৈছে নেকি? তাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰে।

‘মাছফুৰ আলম নামৰ ২৪ বছৰীয়া যুৱক এজনৰ জ্বৰ আৰু কাঁহ হৈ আছিল। সেইবাবে তেওঁ কেৰেলাৰ পৰা অসমলৈ গুচি আহিছিল। কালি বিমান বন্দৰত চিকিৎসকে পৰীক্ষা কৰোতেও ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা নাছিল। অধিক পৰীক্ষা নীৰিক্ষাৰ বাবেহে GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি কাগজত লিখা আছিল।‘ ৰমেন তালুকদাৰে কয়।

তেওঁ লগতে জনায় যে  চিকিৎসক অৰূপ শৰ্মাকে ধৰি অন্য বহু চিকিৎসকে GMCHত যুৱকজনক পৰীক্ষা নিৰীক্ষা কৰে।

‘পৰীক্ষা কৰাৰ পাছত দেখিবলৈ পাইছে যে কেৰেলাৰ পৰা অহাৰ সময়ত শৰীৰত জ্বৰৰ উত্তাপ নাছিল। লগতে তেওঁৰ শৰীৰত ঘামচিৰ দৰে কিছুমান ফোঁহা পোৱা গৈছিল। প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষা তাৎক্ষণিকভাৱে কৰা হৈছিল। এক্সৰেতো ক’ৰ’না ভাইৰাচৰ লক্ষণ পোৱা নাই। যুৱকজনৰ ৰক্ত পৰীক্ষা কৰা হৈছে। গোটেইখিনি পৰীক্ষা কৰোৱাৰ পাছত ভাইৰেল ফিভাৰ হোৱা বুলি চিকিৎসকে কৈছে।‘ তালুকদাৰে লগতে জনায়।

তালুকদাৰে জনোৱা মতে লোকজনৰ দেহত ক’ৰ’না ভাইৰাইচ আছে নে নাই তাক পৰীক্ষা কৰিবলৈ তেওঁৰ ‘ফ্লুইড চেম্প’ল’ সংগ্ৰহ কৰি পুনেৰ লেবৰটেৰীলৈ পঠিওৱা হৈছে।

তেওঁ কয় ‘সেই ৰিপৰ্টটো অহাৰ পাছতহে গম পোৱা যাব প্ৰকৃততে ক’ৰ’না ভাইৰাচ হৈছে নে নাই। লেবৰটেৰীৰ পৰা প্ৰতিবেদন অহাৰ পাছত তেওঁক ঘৰলৈ পঠিওৱাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্যক্তিগৰাকীক হাস্পাতলৰ এক আছুতীয়া ৱাৰ্ডত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ভাৰতৰ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশিত তথ্যৰ পাছতে ভাৰতীয় বিমান প্ৰাধিকৰণে অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ক’ৰ’না ভাইৰাছ পৰীক্ষণ শিৱিৰ মুকলি কৰিছিল।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd