NORTHEAST NOW (Assamese)

এগৰাকী শিপিনীয়ে গামোচাত বৈ উলিয়ালে জুবিন গাৰ্গৰ জনপ্ৰিয় দুটাকৈ গীত আৰু ছবি

July 31, 2019 10:00 pm · এন ই নাও নিউজ

নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অসমৰ ব্ৰাহ্মণ সমাজৰ ৰোষত পৰাৰ সময়তে ধেমাজি জিলাৰ এগৰাকী মহিলাই দেখুৱাইছে শিল্পীৰ গৰাকীৰ প্ৰতি থকা নিস্বাৰ্থ মৰমৰ উদাহৰণ।

ধেমাজি জিলাৰ জোনাইৰ জিনু চুতীয়া নামৰ এগৰাকী মহিলাই জুবিন গাৰ্গে কণ্ঠদান কৰা ‘গান এটি গোৱানা অ’ মা’ আৰু ‘অ দেউতা’ নামৰ জনপ্ৰিয় গীত দুটা বৈ উলিয়াইছে এখন গামোচাত।

তাৰোপৰি জিনু চুতীয়াই গামোচাখনত জনপপ্ৰিয় গীত দুটিৰ লগতে শিল্পী জুবিন গাৰ্গৰ এখন ফটোও নিজ হাতেৰে বৈ উলিয়াইছে।

এনেদৰে ধেমাজি জিলাৰ শিপিনী গৰাকীয়ে কণ্ঠশিল্পী গৰাকীৰ প্ৰতি থকা মৰম ব্যতিক্ৰমৰূপে উপস্থাপন কৰিছে। আৰু মহিলাগৰাকীয়ে শিল্পী গৰাকীৰ প্ৰতি দেখুওৱা এই মৰমে ছচিয়েল মিডিয়াকে ধৰি সৰ্বত্ৰে লাভ কৰিছে ব্যাপক চৰ্চা।

উল্লেখযোগ্য যে পূৰ্বতেও মহিলাগৰাকীয়ে আৰম্ভণিৰে পৰা অসম সাহিত্য সভাৰ সভাপতিৰ পদ শুৱনি কৰা ৬৮ জন সভাপতিৰ নাম আৰু ছবি থকা ২০ ফুট দৈৰ্ঘ্যৰ এখন ব্যতিক্ৰমী গামোচা বৈ উলিয়াইছিল।

Related News