NORTHEAST NOW (Assamese)

কাঞ্চনজংঘা, ৰত্নাকৰৰ সফলতাৰ পাছত ২২ নবেম্বৰত চলচ্চিত্ৰ গৃহলৈ আহিব অসমীয়া ছবি ‘আমিষ’

October 17, 2019 3:47 pm · এন ই নাও নিউজ
Updated: October 17, 2019 7:53 pm
অসমীয়া ছবি আমিষ

কাঞ্চনজংঘা আৰু ৰত্নাকৰৰ সফলতাৰ পাছত ২২ নবেম্বৰত চলচ্চিত্ৰ গৃহলৈ আহিবলৈ সাজু হৈছে পৰিচালক ভাস্কৰ হাজৰিকাৰ অসমীয়া ছবি ‘আমিষ’।

বলীউদৰ যশস্বী পৰিচালক অনুৰাগ কাশ্যপে বুধবাৰে এটা ভিডিঅ’ যোগে অসমীয়া চলচ্চিত্ৰখনৰ প্ৰচাৰ চলায়।

এটা ভিডিঅ’ত অনুৰাগ কাশ্যপে অসমীয়া খাদ্যৰ সোৱাদলৈ ‘আমিষ’ৰ কাহিনীভাগ সুন্দৰ প্ৰেম কাহিনী আৰু খাদ্য ৰসিকতাৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰিছে।

এক মিনিট ত্ৰিশ ছেকেণ্ডৰ ভিডিঅ’টোত কাশ্যপে অসমীয়া খাদ্য অমিতা খাৰ, গাহৰি, তেঙাত দিয়া মাছ আৰু কুকুৰাৰ মাংসৰ সোৱাদ লোৱা দেখা গৈছে।

এগৰাকী চিকিৎসকৰ পত্নীৰ অকলশৰীয়া জীৱন কাহিনী আৰু এগৰাকী গৱেষক ছাত্ৰৰ মাজত বিভিন্ন প্ৰকাৰৰ খাদ্যৰ জুতিৰ মাজেৰে গঢ়ি উঠা আত্মীয়তাকলৈ ‘আমিষ’ৰ কাহিনীভাগ আগবাঢ়িছে।

ভাস্কৰ হাজৰিকাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ‘আমিষ’ত অৰ্ঘ্যদ্বীপ বৰুৱা, লিমা দাস, নেতালী দাস, মানস দাস আৰু সাগৰ সৌৰভ বৰুৱা আদি অভিনেতাই অভিনয় কৰিছে।

চলচ্চিত্ৰখনৰ প্ৰযোজনা পুনম দেউল আৰু শ্যাম বৰাৰ।

বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা আমিষে ছিংগাপুৰৰ দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দুটাকৈ সন্মান লাভ কৰিছিল।

Related News