নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে মনোনীত দুই অসমীয়া জাহ্নু বৰুৱা আৰু ৰীমা দাস

New york Indian Film Festival

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

অসমৰ যশস্বী চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱা আৰু ভিলেজ ৰকষ্টাৰেৰে অস্কাৰৰ দৌৰলৈ যোৱাৰ সুযোগ লাভ কৰা ৰীমা দাসে ২০১৯ চনৰ ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত’ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

জাহ্নু বৰুৱাই তেওঁৰ ছবি ভগা খিৰিকী (Broken Window) আৰু ৰিমা দাসে বুলবুল ক্যান চিং ( Bulbul can Sing) ছবি দুখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ দৌৰলৈ মনোনীত হৈছে।

অহা ৭ মে’ৰ পৰা ১২ মে’লৈ ছয় দিনীয়া কাৰ্য্যসূচীৰে ১৯ সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলখন অনুষ্ঠিত হ’ব।

আনহাতে, ১৯ সংখ্যক চলচিত্ৰ মহোৎসৱখনিত তথ্যচিত্ৰকে ধৰি অসমীয়া চলচিত্ৰ নিৰ্মাতাৰ চাৰিখন ছবি প্ৰদৰ্শন কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিক সকলৰ বাবে নিউয়ৰ্কত এনেদৰে ভাৰতীয় চলচিত্ৰৰ মহোৎসৱখনি সফল ভাবে আয়োজন কৰি অহা হৈছে। এইবাৰ ২৯ খন পুৰ্ণ দৈৰ্ঘৰ চলচিত্ৰ, তিনিখন তথ্যচিত্ৰ আৰু ৩২ খন চুটি ছবি চলচিত্ৰ মহোৎসৱখনিত প্ৰদৰ্শন কৰা হ’ব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ডাবলিন (আয়াৰলেণ্ডৰ ৰাজধানী) আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বুলবুল ক্যান ছিঙৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল ৰীমা দাসে।

ভিলেজ ৰকষ্টাৰ ছবিৰ যোগেৰে ৰীমা ভাৰতীয় চলচিত্ৰ জগতত এটা চিনাকী নাম হিচাপে পৰিগণিত হয়।