২০১১ চনৰ পৰা নগাঁৱৰ প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে শিৱকান্ত-ক্ৰান্তিকাল ন্যাসৰ উদ্যোগত প্ৰদান কৰি অহা ‘ক্ৰান্তিকাল সন্মান’ৰ বঁটাটি এইবাৰৰ বাবে আগবঢ়াইছে খ্যাতনামা লোকসংগীত শিল্পী খগেন গগৈলৈ। লোকসংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক এই বঁটাটিৰ বাবে নিৰ্বাচিত কৰিছে।
১৯৬০ চনত চৰাইদেউ সমীপৰ লংপতীয়াত জন্মগ্ৰহণ কৰা গগৈয়ে বিহুগীত, টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতক জনপ্ৰিয় কৰাৰ লগতে এক বিশেষ মাত্ৰা দিয়াত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
উল্লেখ্য যে লোকসংগীতৰ মূল চৰিত্ৰৰ হেৰফেৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় টি ভি চেনেল এম টি ভিৰ ক’ক ষ্টুডিঅ’ নামৰ এক সংগীতৰ অনুষ্ঠানত বিহু পৰিৱেশন কৰি বিহু সৰ্বভাৰতীয় ক্ষেত্ৰত জনপ্ৰিয় কৰাত খগেন গগৈৰ ভূমিকা স্মৰণীয়।
এক অনন্য কণ্ঠৰ যোগেদি খগেন গগৈয়ে বিহুৰ লোক-সাংস্কৃতিক ৰূপটোক আধুনিক সময়ত মনোগ্ৰাহী ৰূপত পৰিৱেশনৰ জৰিয়তে অসমীয়া পৰিচয়ৰ অন্যতম উৎসটোকো ধৰি ৰাখিছে।
ইতিমধ্যে কেইবা হাজাৰো বিহু গীতত কণ্ঠাদান কৰা খগৈন গগৈয়ে নিজৰ যাদুকৰী কণ্ঠেৰে দেশ-বিদেশৰ বিভিন্ন স্থানৰ দৰ্শকসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
২০১৮ৰ বাবে প্ৰদান কৰিবলগীয়া এই ক্ৰান্তিকাল সাহিত্য সন্মানটি বহাগৰ প্ৰথম সপ্তাহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস কুমাৰ ৰাজখোৱাই জানিবলৈ দিয়ে।
উল্লেখ্য যে অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি অহা হৈছে। ২০১১ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা কবীন ফুকন, আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা, সনন্ত তাঁতি, জ্ঞান পূজাৰী, বসন্ত ডেকা, ৰফিকুল হুছেইন, অনিল ৰায় চৌধুৰীয়ে লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে।