• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসংগীতৰ খ্যাতনামা শিল্পী খগেন গগৈলৈ ক্ৰান্তিকাল সন্মান-২০১৮

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2019 7:41 am

2 min read

khagen-gogoi1

ইণ্টাৰনেটৰ পৰা সংগৃহীত শিল্পী খগেন গগৈৰ ফটো

314
VIEWS
Share on FacebookShare on Twitter

২০১১ চনৰ পৰা নগাঁৱৰ প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে শিৱকান্ত-ক্ৰান্তিকাল ন্যাসৰ উদ্যোগত প্ৰদান কৰি অহা ‘ক্ৰান্তিকাল সন্মান’ৰ বঁটাটি এইবাৰৰ বাবে আগবঢ়াইছে খ্যাতনামা লোকসংগীত শিল্পী খগেন গগৈলৈ। লোকসংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক এই বঁটাটিৰ বাবে নিৰ্বাচিত কৰিছে।

১৯৬০ চনত চৰাইদেউ সমীপৰ লংপতীয়াত জন্মগ্ৰহণ কৰা গগৈয়ে বিহুগীত, টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতক জনপ্ৰিয় কৰাৰ লগতে এক বিশেষ মাত্ৰা দিয়াত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

উল্লেখ্য যে লোকসংগীতৰ মূল চৰিত্ৰৰ হেৰফেৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় টি ভি চেনেল এম টি ভিৰ ক’ক ষ্টুডিঅ’ নামৰ এক সংগীতৰ অনুষ্ঠানত বিহু পৰিৱেশন কৰি বিহু সৰ্বভাৰতীয় ক্ষেত্ৰত জনপ্ৰিয় কৰাত খগেন গগৈৰ ভূমিকা স্মৰণীয়।

এক অনন্য কণ্ঠৰ যোগেদি খগেন গগৈয়ে বিহুৰ লোক-সাংস্কৃতিক ৰূপটোক আধুনিক সময়ত মনোগ্ৰাহী ৰূপত পৰিৱেশনৰ জৰিয়তে অসমীয়া পৰিচয়ৰ অন্যতম উৎসটোকো ধৰি ৰাখিছে।

ইতিমধ্যে কেইবা হাজাৰো বিহু গীতত কণ্ঠাদান কৰা খগৈন গগৈয়ে নিজৰ যাদুকৰী কণ্ঠেৰে দেশ-বিদেশৰ বিভিন্ন স্থানৰ দৰ্শকসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

২০১৮ৰ বাবে প্ৰদান কৰিবলগীয়া এই ক্ৰান্তিকাল সাহিত্য সন্মানটি বহাগৰ প্ৰথম সপ্তাহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে  আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস কুমাৰ ৰাজখোৱাই জানিবলৈ দিয়ে।

উল্লেখ্য যে অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি অহা হৈছে। ২০১১ চনৰ পৰা প্ৰদান কৰি অহা এই বঁ‌টা কবীন ফুকন, আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা, সনন্ত তাঁ‌তি, জ্ঞান পূজাৰী, বসন্ত ডেকা, ৰফিকুল হুছেইন, অনিল ৰায় চৌধুৰীয়ে লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd