NORTHEAST NOW (Assamese)

বহিঃৰাজ্যত হত্যাৰ বলি অসমৰ চিত্ৰশিল্পী! ৰে’ল ষ্টেশ্যনত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ

December 4, 2024 12:18 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাবে মৃত্যু হৈছে অসমৰ যুৱকৰ।

কলিকতাত মৃত্যু হৈছে যুৱকজনৰ।

জানিব পৰা মতে, মৃত্যুক সাৱটি লোৱা যুৱকজন এগৰাকী চিত্ৰশিল্পী।

মৃত যুৱকজনক লখিমপুৰৰ চিত্রশিল্পী সূৰ্য শইকীয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

কলিকতাৰ এটা ৰেল ষ্টেচনৰ সমীপত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ সূৰ্য শইকীয়াক উদ্ধাৰ কৰই এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

সূৰ্য শইকীয়াৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি উচিত তদন্তৰ দাবী কৰিছে।

Related News