পুনেত বাস কৰা অসমীয়াই প্ৰাণ খুলি উদযাপন কৰিলে ৰঙালী বিহু

1-6-750x375

পুনেৰ ৰঙালী বিহুৰ অনুষ্ঠানত প্ৰদৰ্শন আগবঢ়াইছে বেহাৰবাৰী আউটপ'ষ্ট খ্যাত কে কে আৰু মোহনে।

মহাৰাষ্ট্ৰৰ পুনেত বাস কৰা অসমীয়া লোকসকলে পুনেৰ এছ আই এম এছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য ৰঙালী বিহু উদযাপনৰ আনন্দ উপভোগ কৰে। যোৱা শনিবাৰে পুনেত থকা অসমীয়াসকলৰ সংস্থা ‘অসমী’য়ে এই অনুষ্ঠানৰ আয়োজন কৰে।

মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগৰ আয়ুক্ত বিশাল ছোলাংকীৰ লগতে উত্তৰ-পূবৰ এগৰাকী গুণগ্ৰাহী শশীধৰ ভাৱে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে শশীধৰ ভাৱেৰ উত্তৰ-পূবৰ ভ্ৰমণৰ লগতে তেওঁৰ প্ৰচাৰে ৪০০তকৈয়ো অধিক দলক অঞ্চলটো ভ্ৰমণ কৰাৰ বাবে উৎসাহিত কৰিছে।

বহু বিশিষ্ট লোকৰ উপস্থিতিত বন্তি প্ৰজ্বলন আৰু জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত উপস্থিতি অসমীয়া লোকসকলক বিহুৰ শুভেচ্ছা জনাই অতিথিসকলে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰে। তেওঁলোকে অসমৰ চৰকী সংস্কৃতিৰ কথা উল্লেখ কৰি অসম আৰু মহাৰাষ্ট্ৰৰ লোকসকলৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্কৰ বিষয়ে কয়।

এই অনুষ্ঠানতে ‘অসমী’ৰ অফিচিয়েল ৱেৱছাইট www.asomipune.org টো মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগৰ আয়ুক্ত বিশাল ছোলাংকীয়ে মুকলি কৰে।

গোটেই অসমীয়া লোকেৰে ভৰ্তি প্ৰেক্ষাগৃহটোত প্ৰদৰ্শিত কাৰ্যসূচীসমূহে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে। অনুষ্ঠাটোৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘বোহাৰবাৰী আউটপ’ষ্ট’ খ্যাত কে কে (সিদ্ধাৰ্থ শৰ্মা) আৰু মোহন (দীপজ্যোতি কেওট)ৰ প্ৰদৰ্শন। দুয়োগৰাকীয়ে তেওঁলোকৰ কৌতুক তথা আকৰ্ষণীয় প্ৰদৰ্শনেৰে দৰ্শকক মুগ্ধ কৰে।

অনুষ্ঠানটোৰ সংগীতৰ আকৰ্ষণ আছিল জী টিভিৰ ‘সা ৰে গা মা পা’ৰ চূড়ান্ত প্ৰতিযোগী প্ৰতীক্ষা ডেকাই পৰিৱেশন কৰা তেওঁ সুমধুৰ কণ্ঠৰ সংগীতানুষ্ঠান।

তদুপৰি, সাংস্কৃতিক সন্ধিয়াটোত মৌ কুঁৱৰী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা, বিহু দলৰ প্ৰদৰ্শন, গীতৰ অনুষ্ঠান, সত্ৰীয়া নৃত্যৰ লগতে দৰ্শকৰ সৈতে ভাৱ বিনিময় কৰা হয়।

অনুষ্ঠানস্থলীৰ বিপনীসমূহ আৰু অসমীয়া ছেল্ফি বুথে উৎসৱৰ পৰিৱেশটোক এক সুন্দৰ আবেগমধুৰ কৰি তোলে। অতিথিসকলক অসমীয়া জলপান চিৰা দৈৰে আপ্যায়িত কৰা হয়।

অনুষ্ঠানৰ সামৰণিত এক সাংস্কৃতিক আদান প্ৰদানৰ লগতে অসমীয়া জুতিৰ বিভিন্ন ব্যঞ্জনেৰে এক নৈশ ভোজৰো আয়োজন কৰা হয়।