NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত উজলিল অসমীয়া চুটি ছবি A Little Sunshine

October 13, 2021 7:47 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ চলচ্চিত্ৰ উদ্যোগে আকৌ এবাৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে।এইবাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে A Little Sunshine নামৰ এখন চুটি ছবিয়ে।

উৰুভাট্টি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণত A Little Sunshine শীৰ্ষক অসমৰ চুটি ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় চুটি চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

চুমন ডৱেৰাহে পৰিচালনা কৰা চুটি ছবিখন চান প্ৰডাকচনৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।

ইয়াৰ উপৰিও ছবিখন ১১ তম পুনে চুটি চলচ্চিত্ৰ মহোৎসৱৰ দ্বাৰাও বাছনি কৰা হৈছে।

চুটি ছবিখনৰ মুখ্য কলা-কুশলীসকল হৈছে ড০ অমৰ জ্যোতি চৌধুৰী, অৰ্পনা দত্ত চৌধুৰী আৰু দেবাশীষ বৰঠাকুৰ।

চুটি ছবিখনৰ প্ৰযোজক হৈছে ড০ হিতেশ বৰুৱা, আনহাতে কাৰ্যবাহী প্ৰযোজক হৈছে ড০ নবনিতা বৰুৱা।

চলচ্চিত্ৰ মহোৎসৱত অসম এইবাৰেই প্ৰথম জিলিকি উঠিছে এনে নহয়। ইয়াৰ পূৰ্বে আগষ্ট মাহত আদিল হুছেইনে ৱাশ্বিংটন ডিচিৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। তেওঁ ‘ৰাহগীৰ’ বোলছবিখনত তেওঁৰ চৰিত্ৰৰ বাবে এই বঁটা লাভ কৰিছিল।

অসমৰ অভিনেতা বেঞ্জামিন দৈমাৰীকো ২০২১ চনৰ দ্বাদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ অফ মেলবৰ্ণ (IFFM)ৰ বাবে মনোনীত কৰা হৈছিল। দৈমাৰী অসমৰ প্ৰথম সমকামী অভিনেতা।

ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ ২০২০ চনত এছিয়ান কুইৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ লগতে ২০২১ চনত জোনাকী পৰুৱাত তেওঁৰ চৰিত্ৰৰ বাবে জুৰিৰ বিশেষ বঁটা লাভ কৰিছিল। উক্ত ছবিখনৰ পৰিচালনা কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন চলচিত্ৰ পৰিচালক প্ৰকাশ ডেকাই।

Related News