গুৱাহাটীত অসমীয়া গহনাৰ বিনিময় মেলা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ঘৰতে পৰি থকা পুৰণি অসমীয়া গহনা দি লাভ কৰিব পাৰিব নতুন গহনা। অসমীয়া গহনাৰ প্ৰচলনৰ বাবে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসমীয়া গহনা প্ৰতিষ্ঠান ডুগডুগীয়ে অসমত বৰ্দ্ধিত গহনাৰ চাহিদাৰ প্ৰতি লক্ষ্যৰাখি আয়োজন কৰিছে অসমীয়া গহনাৰ বিনিময় মেলা।

গুৱাহাটী আৰু নগাঁওত প্ৰতিষ্ঠানটোৰ শ্ব’ ৰূমসমূহত আনুষ্ঠিত হ’বলগীয়া অসমীয়া গহনাৰ বিনিময় মেলাখন ১৫ মাৰ্চৰ পৰা আৰম্ভহৈ ১৮ মাৰ্চত সামৰণি পৰিব। গহনা মেলাখনত অংশগ্ৰহণ কৰি অসমীয়া গহনাপ্ৰেমীসকলে পুৰনি গহনা দি ৫০ শতাংশ ৰেহাই মূল্যৰে ক্ৰয় কৰিব পাৰিব আটকধুনীয়া নতুন ডিজাইনৰ অসমীয়া গহনা।

কিন্তু এই ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে কিছু চৰ্ত ৰাখিছে উপভোক্তাসকলৰ বাবে। যিসকল গহনাপ্ৰেমীয়ে পুৰণি গহনাৰ সলনি নতুন গহনা ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ পুৰণি গহনাখিনি ক্ৰয় কৰাৰ নথি-পত্ৰ থাকিব লাগিব। নকল অসমীয়া গহনা আৰু ইন্টাৰনেটৰ মাধ্যমেৰে ই-মাৰ্কেটৰ পৰা ক্ৰয়কৰা গহনাও বিনিময়মেলাখনত গ্ৰহণ কৰা নহ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।