আত্মহত্যা নে হত্যা?: দিল্লীৰ ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমীয়া মহিলাৰ মৃতদেহ

WhatsApp Image 2019-03-21 at 4.39.49 PM

প্ৰাক্তন স্বামীৰ সৈতে মৃত অসমৰ মহিলা গৰাকীৰ আলোকচিত্ৰ।

দেশৰ ৰাজধানী নতুন দিল্লীত ডেইজী দাস নামৰ এগৰাকী অসমীয়া মহিলাৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে মৃত মহিলা গৰাকীৰ আত্মীয়ৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ বসন্ত কুঞ্জত থকা নিখিল নামৰ এজন বন্ধুৰ ফ্লেটত উদ্ধাৰ হয় কৰ্মসূত্ৰে দিল্লীত বসবাস কৰি থকা হাজোৰ গনেশতলাৰ মহিলা গৰাকীৰ।

মঙলবাৰে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ২০ বছৰ ধৰি দিল্লীত কৰ্মৰত ডেইজীয়ে অভিজাত ঘৰৰ শিশু প্ৰতিপালন কৰা সংস্থা এটাৰ লগত জড়িত হৈ কাম কৰি আছিল।

উল্লেখযোগ্য যে, ২০১১ চনত দিল্লীৰ আশীষ কুমাৰ নামৰ এজন অনা-অসমীয়া ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ নিজৰ নাম সলনি কৰি বিদ্যাৱতী কুমাৰ কৰিছিল ডেইজীয়ে। বিবাহৰ ৪ বছৰ পাছতেই আশীষ কুমাৰৰ লগত বিবাহ বিচ্ছেদ ঘটে এটা কন্যা সন্তানৰ মাতৃ ডেইজীৰ।

মঙলবাৰে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে হাজোত থকা ডেইজীৰ পৰিয়ালৰ লোকক অৱগত কৰে। আকস্মিক ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকসকল হতভম্ব হৈ পৰে।

আনহাতে, নিখিল নামৰ বন্ধু গৰাকীয়ে ডেইজীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক জনায় যদিও এই কথা পৰিয়ালৰ লোকসকলে সহজভাবে ল’ব পৰা নাই। মৃত মহিলা গৰাকীৰ আত্মীয়ৰ মতে ডেইজীয়ে আত্মহত্যা কৰা নাই, পৰিকল্পিত ভাবেহে তাইক হত্যা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বিবাহ বিচ্ছেদৰ পৰৱৰ্তী সময়তো ডেইজীয়ে আশীষ কুমাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। কিন্তু নিখিলৰ ফ্লেটত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্বাভাৱিকতে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাতো ঘটাৰ পাছতো কিয় নিখিলে আৰক্ষীক খবৰ দিয়া নাছিল বুলি পৰিয়ালৰ লোকে নিখিললৈ সন্দেহৰ আঙুলি টোৱাইছে।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তত এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেই কথা পোহৰলৈ আহিব।