ফেইচবুকত ‘আপত্তিজনক’ প’ষ্টৰ বাবে আৰু দুজন যুৱকক গ্ৰেপ্তাৰ

Two-more-arrested-in-Dhubri-1140x570

গ্ৰেপ্তাৰ কৰা ছাকিব আহমেদ আৰু ৰকি আকন্দ। ফটো: নৰ্থইষ্ট নাও

নিজৰ ফেইচবুক পেইজত ‘আপত্তিজনক’প’ষ্ট আপলোড কৰি শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী জিলাৰ আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিয়ে।

গ্ৰেপ্তাৰ কৰা যুৱক দুজনক ধুবুৰী চহৰৰ ছাকিব আহমেদ(১৯) আৰু ৰকি আকন্দ(২০) বুলি চিনাক্ত কৰা হৈছে।

দুয়োজনকে আদালতত হাজিৰ কৰোৱাৰ পাছত দেওবাৰে জেইললৈ প্ৰেৰণ কৰা হয়।

ধুবুৰী সদৰ আৰক্ষী থানাত দুয়োজনৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আই টি এক্টৰ ধাৰা ৬৭ৰ অধীনত ধাৰা ১৫৩(সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যে প্ৰোৎসাহিত কৰা)/১৫৩(এ)(সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা ইত্যাদিৰ ভিত্তিত অশান্তি বিয়পোৱা) এটা গোচৰ (১৭৭/২০২০নং) ৰুজু কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ যুৱ সম্প্ৰদায়ক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান জনাই শান্তি তথা সামাজিক সম্প্ৰীতিৰে বসবাস কৰি থকা ধুবুৰীৰ জনসাধাৰণৰ আশা-আকাংখা যাতে কোনো দুষ্ট শক্তিয়ে মষিমূৰ কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিবলৈ কয়।

“হয়, দুস্কৃতিকাৰী তথা সমাজ বিৰোধী শক্তিসমূহক আমি দিনে নিশাই নজৰত ৰাখিছো। মনত ৰাখিব, আমি আমাৰ কৰ্তব্য কৰিবলৈ ব্যৰ্থ হোৱা নাই আৰু কেতিয়াও নাপাহৰো,’’-আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে।

দুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে নিজৰ ফেইচবুক পেইজত আপত্তিজনক প’ষ্ট আপলোড তথা শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী চহৰৰে ৰাহুল প্ৰসাদ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল।

তেওঁক ভাৰতীয় দণ্ডবিধি আৰু আই টি এক্টৰ একেই ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে জেইললৈ প্ৰেৰণ কৰা হৈছিল।