NORTHEAST NOW (Assamese)

বিজেপি-মিত্ৰবিৰোধী ভোটদান ‘জাতীয় দায়িত্ব’, এ আই ইউ দি এফ-কো বৰ্জন ৭০টা সংগঠনৰ

March 22, 2019 7:19 pm · কল্পজ্যোতি শইকীয়া
Updated: March 22, 2019 7:25 pm
গুৱাহাটীত যোৱা শুকুৰবাৰে ৭০টা ষংগঠনৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

শাসনলৈ আহিলেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ অংগীকাৰ কৰা বিজেপি আৰু মিত্ৰ অগপ, বিপিএফ আৰু “সাম্প্ৰদায়িক” এ আই ইউ দি এফক আসন্ন সাধাৰণ নিৰ্বাচনত বৰ্জন কৰিবলৈ শুকুৰবাৰে অসমৰ ৰাইজক আহ্বান জনাইছে ৭০টা সংগঠনে।

“নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিক ধ্বংস কৰিব। বিজেপি চৰকাৰ শাসনলৈ আহিলে আকৌ বিধেয়ক গৃহীত কৰিব। সেয়েহে নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ বিৰোধিতা কৰিব লাগিব। এয়া জাতীয় দায়িত্ব,” গুৱাহাটীত ৭০টা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত এই আহ্বান উমৈহতীয়া মঞ্চটোৰ নেতা অখিল গগৈৰ।

লগতে পঢ়ক– অগপৰ নেতৃত্বক আগত ৰাখি হিমন্তৰ ঘোষণা: নিৰ্বাচনৰ পাছতেই অনা হ’ব নাগৰিকত্ব বিধেয়ক

সমগ্ৰ উত্তৰ-পূবত ব্যাপক প্ৰতিৰোধৰ সন্মুখীন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি পুনৰ লগ খোৱা অগপৰ কথা উল্লেখ কৰি গগৈয়ে যিকোনো প্ৰকাৰে বিজেপি দলক প্ৰতিহত কৰিব লাগিব বুলিও মন্তব্য কৰে।

আনহাতে “সাম্প্ৰদায়িক” বুলি অভিহিত কৰি এ আই ইউ দি এফকো বৰ্জনৰ আহ্বান জনাইছে সংগঠনকেইটাই।

বিজেপি-মিত্ৰ আৰু এ আই ইউ দি এফক বিজয়ী হ’ব পৰা আন দলৰ বা নিৰ্দলীয় যিকোনো প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক তেওঁলোকে আহ্বান জনাইছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত শুকুৰবাৰে অনুষ্ঠিত বৈঠকতে সংগঠনকেইটাই এই প্ৰস্তাৱ গ্ৰহণ কৰে।

Related News