অসমৰ পৰা অপহৃত নাবালিকাক চেন্নাইত উদ্ধাৰ

kidnapping-1140x570

প্ৰতিনিধিত্বমূলক ফটো। ফটো : ইণ্ডিয়া টি ভি নিউজৰ সৌজন্যত

দুজন কিশোৰে অপহৰণ কৰা অসমৰ এগৰাকী ১৪ বছৰীয়া ছোৱালীক অলপতে চেন্নাইত আৰক্ষীয়ে উদ্ধাৰ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীয়ে ছোৱালীজনীক অপহৰণ কৰি নিয়া অপহৰণকাৰীকো আটক কৰিছে আৰু অসমৰ পৰা যোৱা আৰক্ষীৰ এটা দলক শুকুৰবাৰে গটাই দিয়ে। নাবালিকাগৰাকীক আৰক্ষীয়ে মঙলবাৰে উদ্ধাৰ কৰে।

অসমৰ এই নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ পাছত তামিলনাডুৰ চেন্নাই জিলাৰ মাইলাপুৰত এটা চৰকাৰী গৃহলৈ প্ৰেৰণ কৰা হৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, কিশোৰ অপহৰণকাৰীক ল’ৰাৰ বাবে থকা এক নিৰীক্ষণ গৃহলৈ নিয়া হৈছে।

বাতৰিত কোৱা হৈছে যে গৱৰ্ণমেন্ট ৰেইলৱে পুলিচে (জি আৰ পি) ছোৱালীজনীক অপহৰণকাৰীৰ সৈতে পোৱাৰ পাছত অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ (অপহৰণ) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পূৰ্বে,  উপ আৰক্ষী অধীক্ষক মুৰুগান আৰু পৰিদৰ্শক থমাছ জেছুদাছনৰ নেতৃত্বত জি আৰ পিৰ এটা দলে অপহৰণৰ ঘটনাটো সন্দৰ্ভত অসম আৰক্ষীৰ পৰা লাভ কৰা বিশেষ তথ্য, ছোৱালীজনী আৰু তাইৰ অপহৰণকাৰীৰ ফটোগ্ৰাফৰ লগতে এজাহাৰৰ কপি সকলো আৰক্ষী বিষয়ালৈ প্ৰেৰণ কৰিছিল।

জি আৰ পিৰ দলটোৰ সদস্যসকলে হাওৰাৰ পৰা গৈ চেন্নাইৰ চেন্ট্ৰেল ৰেইলৱে ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছতে কৰ’মণ্ডল এক্সপ্ৰেছৰ প্ৰতিটো ডবাতে পুংখানপুংখভাৱে তালাচী চলায়। তালাচীৰ সময়ত জি আৰ পিৰ দলটোৱে অপহৃত ছোৱালীজনী আৰু তাইৰ অপহৰণকাৰীকে ধৰি তিনিওজনকে বিচাৰি উলিয়াবলৈ সক্ষম হয়।

আৰক্ষী সঞ্চালক প্ৰধান (ৰেইলৱে) চি শৈলেন্দ্ৰ বাবুৱে অপহৃত ছোৱালীজনীক উদ্ধাৰৰ ক্ষেত্ৰত জি আৰ পি দলটোৱে গ্ৰহণ কৰা তৎপৰতাৰ তথা তেওঁলোকৰ সাফল্যৰ বাবে প্ৰশংসা কৰে।