UPSC Civil Services 2020ৰ ফলাফল: প্রথম ২৫ৰ ১২গৰাকীয়েই মহিলা; অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী উত্তীৰ্ণ

Hassanuzaman

আহমেদ হাছানুজ্জামান চৌধুৰী।

UPSC ৰ Civil Services 2020ৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। upsc.gov.in ৱেবছাইটত পৰীক্ষাৰ ফলাফলসমূহ প্ৰকাশ কৰা হৈছে। সফল প্ৰাৰ্থীসকলে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ আই এ এছ, আই পি এছ, আই এফ এছ আদি বিভিন্ন মৰ্যাদাপূৰ্ণ পদত যোগদান কৰিব।

এইবাৰ UPSC ৰ Civil Services 2020ৰ ফলাফলত স্থান লাভ কৰিছে অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে ৷

হাছানুজ্জামানে ২৮৩ নং ৰেংক লাভ কৰিছে ৷ তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ ৷

হাইলাকান্দিৰ লখিৰবন্দ নিৱাসী আহমেদ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক ৷

আইআইটি বোম্বেৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ বিটেক শুভম কুমাৰে UPSC ত শীৰ্ষস্থান লাভ কৰিছে। তেওঁ বিহাৰৰ কাটিহাৰৰ বাসিন্দা।

ভূপালৰ MANITৰ ইলেক্টিকেল ইঞ্জিনিয়াৰিঙৰ বিটেক জাগৃতি অৱস্তি মহিলাসকলৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। সকলো মিলি তেওঁ দ্বিতীয় স্থান লাভ কৰিছে।

শীৰ্ষৰ ১৫জনৰ ভিতৰত ১৩গৰাকী পুৰুষ আৰু ১২গৰাকী মহিলা। প্ৰথম ২৫গৰাকীৰ ভিতৰত ইঞ্জিনিয়াৰিং, হিউমেনিটিজ,কমাৰ্চ আৰু মেডিকেল উত্তীৰ্ণ প্ৰাৰ্থী আছে।

প্ৰথম ২৫ গৰাকী সফল প্ৰাৰ্থীয়ে মেইন পৰীক্ষাত  Anthropology, Economics, Geography, Mathematics, Medical Science, Philosophy ৰ দৰে বিষয় বাচি লৈছিল।

এইবাৰ সকলো মিলি ৭৬১গৰাকীক নিয়োগৰ বাবে বাছনি কৰা হৈছে।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে UPSC ৰ মেইন পৰীক্ষা অনুষ্ঠিত হৈছিল।

সেইদৰে, যোৱা ২ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ।

এইবাৰ মুঠ ২০৪৬গৰাকী প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল।