NORTHEAST NOW (Assamese)

১৪ বিঘা জাহাজী কলৰ খেতি কৰি বজাৰৰ বাবে হাহাকাৰ কৰিছে কলিয়াবৰৰ দুই যুৱকে

September 11, 2018 12:17 pm · ৰিদিপ শৰ্মা
Updated: September 11, 2018 1:18 pm
কলিয়াবৰত দুজন যুৱকে ১৪ বিঘা মাটিত কৰা কলখেতিৰ কল পেলাই থোৱাৰ দৃশ্য।

দেশত খেতিয়কৰ আয় দুগুণ কৰাৰ লক্ষ্য লৈ কাম কৰা বুলি কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনে প্ৰচাৰ চলাই থকাৰ মাজতে অসমত উপযুক্ত বজাৰৰ অভাৱত খেতিয়কৰ আয়ৰ বিপৰীতে লোকচানহে হৈছে। চাহ খেতিৰ পৰা কল খেতিলৈকে সকলো ক্ষেত্ৰৰ কৃষকেই সন্মুখীন হৈছে বজাৰৰ অভাৱৰ আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ অভাৱৰ।

নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত টেকেলিফুটা গাৱঁৰ দুজন পৰিশ্ৰমী আৰু আত্মনিৰ্ভৰশীলতা তথা স্বনিয়োজনক সন্মানৰ চকুৰে চোৱা যুৱকৰো একেই দুৰ্ভাগ্য হৈছে কল খেতি কৰি।

জামাল উদ্দিন আৰু ফইজুল ইছলাম নামৰ এই দুজন যুৱকে গ্ৰহগুৰি গাৱঁৰ ১৪ বিঘা মাটিত জাহাজী কলৰ খেতি কৰি যোৱা ৬-৭ বছৰ ধৰি স্বনিয়োজনৰ চেষ্টা কৰি আহিছে আৰু লগতে আনৰ বাবেও উদাহৰণ হৈ থিয় দিব বিচাৰিছিল। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰু কেৱল গোবৰ সাৰ আৰু পচন সাৰ ব্যৱহাৰৰে ১৪ বিঘা মাটিত কল লগাই তাৰ উপাৰ্জনেৰে পৰিয়ালো পোহপাল দি আহিছে।

কিন্তু শেহতীয়াকৈ দুয়ো সন্মুখীন হৈছে এখন উপযুক্ত বজাৰৰ অভাৱৰ। যুৱক দুজনে জনোৱা মতে, উপযুক্ত বজাৰ মূল্যৰ অভাৱত প্ৰতি থোক কল তেওঁলোকে এতিয়া মাত্ৰ ৩০-৫০ টকাতে বিক্ৰী কৰিব লগীয়া হৈছে। তাকো নিবলৈ মানুহৰ অভাৱ হোৱাত বহুবোৰ কল পকি ৰহ দি গেলি গৈছে।

আনহাতে তেওঁলোকে জনোৱামতে, কলখেতি কৰোতে প্ৰতি বিঘা মাটিত ২০/২৫ হাজাৰ টকাকৈ ব্যয় হয়। সেই অনুপাতে নাপাই উচিত মূল্য। দুয়োজনে চৰকাৰক এখন উপযুক্ত আৰু বৈধ তথা নিশ্চিত বজাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। সঠিক বজাৰ নেটৱৰ্ক অবিহনে উৎপাদিত সামগ্ৰীয়ে উপযুক্ত মূল্য নাপাব আৰু ফলত কৃষকৰ দুগুণ আয়ৰ পৰিৱৰ্তে লোকচানহে হ’ব বুলি মত প্ৰকাশ কৰিছে।

Related News