NORTHEAST NOW (Assamese)

নিকা-স্বচ্ছ-মুক্ত নিৰ্বাচন: বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল

March 23, 2019 8:23 pm · কাজি জেইদুল ইছলাম
বিশ্বনাথত শনিবাৰে নিৰ্বাচনী বিষয়াৰ সংবাদমেল।

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নিকা, স্বচ্ছ আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনেও তথ্য আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ ব্যৱস্থা কৰিছে।

জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ডে শনিবাৰে এক সংবাদমেলৰ জৰিয়তে নিৰ্বাচন আয়োগে আৰম্ভ কৰা কেইটামান বিশেষ Application (SUBIDHA, cVIGIL, VOTER helpline) আদি ব্যৱহাৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ বহুল প্ৰচাৰৰ বাবে উপস্থিত সাংবাদিকসকলক আহ্বান জনায়।

ভোটদাতাসকলক আকৰ্ষিত কৰিবলৈ লোৱা বিভিন্ন কাৰ্য্যসূচীৰ কথাও অৱগত কৰে বিষয়াগৰাকীয়ে।

নিৰ্বাচনী বিধি, মিডিয়া প্ৰামাণিকৰণ আৰু নিৰীক্ষণ সমিতি, পে’দ নিউজ, নিৰ্বাচনী ব্যয় নিৰীক্ষণ সমিতি আদিৰ বিষয়েও অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য আৰু পাৰিজাত ভূঞাই ব্যাখ্যা কৰে।

সংবাদমেলখনত নিৰ্বাচনী বিষয়া আবুল কালাম আৰু আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত আছিল।

Related News